তিনিচুকীয়াত আছুৰ ৩৮৬ গৰাকী মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা...

তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই শুকুৰবাৰে মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰে ।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত আছুৰ ৩৮৬ গৰাকী মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা...

সম্বৰ্ধনা

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই শুকুৰবাৰে বৰদলৈ নগৰস্থিত উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত এক অনুষ্ঠানত চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰে । মুঠ ৩৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় আজিৰ অনুষ্ঠানত ।

Advertisment
সম্বৰ্ধনা
সম্বৰ্ধনা

তদুপৰি অনুষ্ঠানৰ জৰিয়তে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ ভিতৰত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা কৃতী শিক্ষাৰ্থী ক্ৰমে পৰমানন্দ জাতীয় বিদ্যালয়ৰ অংকিতা দাসক সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক 'ছহিদ বিশ্বজিৎ বড়া সোঁৱৰণি বঁটা' আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰিয়া কুৰ্মীক 'সুপ্ৰভা শইকীয়া স্মাৰক বঁটা'ৰে সন্মানিত কৰা হয়। প্ৰিয়া কুৰ্মীক সুপ্ৰভা শইকীয়া ন্যাসৰ হৈ বিকাশজ্যোতি  শইকীয়াই এই বঁটা আগবঢ়ায় ।

এই বঁটাত নগদ পাঁচ হেজাৰ টকা, আৰ্হি চেক, শৰাই, কিতাপৰ টোপোলা, চেলেং আৰু গামোচা প্ৰদান কৰা হয় । ইয়াৰ সমান্তৰালভাৱে আজিৰ সম্বৰ্ধনা অনুষ্ঠানত তিনিচুকীয়াৰ ২৯খন শিক্ষানুষ্ঠানৰ প্ৰধানসকলকো আছুৱে ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে । 

প্ৰায় পাঁচ শতাধিক কৃতী শিক্ষাৰ্থী, অভিভাৱক তথা সচেতন ৰাইজৰ উপস্থিতিত সম্পন্ন হোৱা অনুষ্ঠানত সভাপতিত্ব কৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা মণিকা দেৱীয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক কৌস্তুভ ডেকাৰ লগতে আছুৰ অন্যান্য কেন্দ্ৰীয় বিষয়-ববীয়া উপস্থিত থাকে।

Also Read: মৃত্যু দিৱসত শ্বহীদ জিণ্টু গগৈৰ সমাধি ক্ষেত্ৰলৈ নাহিল ৰজাঘৰৰ প্ৰতিনিধিঃ উচুপি উঠিল মাতৃ...

aasu