অসমবাসী ওলাই আহকঃ কেন্দ্ৰক সকীয়াই অখিল গগৈৰ 'কা' আন্দোলনৰ হুংকাৰ

নিৰ্বাচনৰ পূৰ্বেই জাৰি হ'ব 'কা' কাৰ্যকৰীকৰণৰ জাননীঃ দিল্লীত ঘোষণা গৃহমন্ত্ৰীৰ
অসমবাসী ওলাই আহকঃ কেন্দ্ৰক সকীয়াই অখিল গগৈৰ 'কা' আন্দোলনৰ হুংকাৰ

ডিজিটেল সংবাদ,গুৱাহাটী : কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এক সংবাদ প্রতিষ্ঠানৰ সাক্ষাৎকাৰত আগন্তুক লোকসভা নির্বাচনৰ পূর্বে 'কা' বলবৎ হ'ব বুলি কৰা ঘোষণাৰ তীব্র বিৰোধিতা কৰিছে ৰাইজৰ দলে। অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব পৰা 'কা' বলৱৎ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছে অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোৱে।

উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন বিষয় এটাত হস্তক্ষেপ নকৰিবলৈ আৰু 'কা' বলৱৎ কৰাৰ পৰা আঁতৰি থাকিবলৈ কেন্দ্রীয় চৰকাৰক দাবী জনাইছে ৰাইজৰ দলে। এক প্রেছ বিবৃতিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কাৰ্যকৰী সভাপতিদ্বয় ভাস্কো ডি শইকীয়া আৰু কৱীন্দ্র চেতীয়া ফুকনে কয় যে, নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ কার্যকৰী হ'লে অসমীয়া জাতিৰ অস্তিত্বৰ প্রতি ভাবুকি আহিব।

এই আইন বলৱৎ হোৱাৰ লগে লগে অসমত অবৈধভাৱে বসবাস কৰা ১৫ ৰ পৰা ২০ লাখ হিন্দু বাংলাদেশী বিদেশী নাগৰিকে লগে লগে নাগৰিকত্ব লাভ কৰিব। কেৱল এইসকল অবৈধ বিদেশীয়ে নাগৰিকত্ব লাভ কৰাই নহয়; বাংলাদেশত থকা আন ১ কোটি ৭০ লাখ হিন্দু বাংলাদেশী নাগৰিকৰ কাৰণেও অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ আহি ভবিষ্যতলৈ নাগৰিকত্ব লাভ কৰাৰ সুৰুঙা ওলাব।

যিখন ৰাজ্যৰ জনগণে বিংশ শতিকাৰ প্রথম দশকৰ পৰাই প্ৰব্ৰজনৰ বিৰুদ্ধে অবিৰতভাৱে আন্দোলন কৰি আহিছে সেইখন ৰাজ্যই কেতিয়াও লাখে লাখে বিদেশী গ্রহণ কৰিব নোৱাৰে। 'কা' বলৱৎ হ'লে অসমীয়া জাতিৰ অস্তিত্বলৈ ভাবুকি নামি আহিব।

'কা' বলৱৎ হ'লে অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিলৈ ভয়াৱহ প্রত্যাহ্বান আহিব। সেয়েহে 'কা' অসমীয়া মানুহে কেতিয়াও সমর্থন কৰিব নোৱাৰে বুলি উল্লেখ কৰে। 'কা' বলৱৎ কৰাৰ অপচেষ্টা কৰিলেই অসমীয়া জাতিয়ে পুনৰ আন্দোলনৰ পথ লোৱাৰ কোনো বিকল্প নাথাকিব বুলি দলটোৱে স্পষ্ট কৰি দিয়ে।

সেয়েহে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ঘোষণা অনুসৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে 'কা' বলৱৎ কৰাৰ নিৰ্দেশ জাৰি কৰিলে সমগ্র অসমবাসীক ৰাজপথলৈ ওলাই আহি ব্যাপক গণতান্ত্রিক প্রতিবাদ গঢ়ি তুলিবলৈ ৰাইজৰ দলে আহ্বান জনায়। বিবৃতিটোত ৰাইজৰ দলে কয়- যিকোনো মূল্যৰ বিনিময়ত দেশ বিৰোধী, সংবিধান বিৰোধী, গণতন্ত্র বিৰোধী আৰু অসম বিৰোধী নাগৰিকত্ব সংশোধনী আইনক প্রতিহত কৰিবলৈ সমস্ত শক্তি প্রয়োগ কৰি চেষ্টা কৰা হ'ব। অসমত এক প্রবল ঐক্যবদ্ধ গণতান্ত্রিক আন্দোলন গঢ়ি তুলি 'কা' বলবৎ কৰা কাৰ্য বাধা দিয়া হ'ব বুলি উল্লেখ কৰে।

অসমবাসী ওলাই আহকঃ কেন্দ্ৰক সকীয়াই অখিল গগৈৰ 'কা' আন্দোলনৰ হুংকাৰ
বটদ্ৰৱা থানৰ ৪০ তোলা সোণ হৰলুকি আৰু বৃহৎ বিত্তীয় কেলেংকাৰীঃ নাগৰিক সভাত উন্মোচিত পৰিচালনা সমিতিৰ মিথ্যাচাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in