নলবাৰীত 'দেশ ভক্তি দিৱস-২০২৩' উদযাপন...

নলবাৰীত 'দেশ ভক্তি দিৱস-২০২৩' উদযাপন...
নলবাৰীত 'দেশ ভক্তি দিৱস-২০২৩' উদযাপন...

ডিজিটেল সংবাদ নলবাৰীঃ নলবাৰী জিলা আয়ুক্তৰ সভাকক্ষত আজি দেশভক্ত তৰুণ ৰাম ফুকনৰ ৮৪ সংখ্যক মৃত্যু তিথি উপলক্ষে 'দেশ ভক্তি দিৱস-২০২৩' উদযাপন কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এই অনুষ্ঠান জাতীয় সংগীতেৰে আৰম্ভ কৰা হয়।

অনুষ্ঠানত সঞ্চালিকাৰ দায়িত্ব পালন কৰা জিলা তথ্য আৰু জনসংযোগ বিষয়া চুম্পী চুতীয়াই উদ্দেশ্য ব্যাখ্যা কৰে। তাৰ পাছতেই নলবাৰী জিলা আয়ুক্ত গীতিমনি ফুকনে উপস্থিত জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকল, বিভাগীয় মুৰব্বী বিষয়াসকল তথা আমন্ত্ৰিত অতিথি সকলে দেশ ভক্ত গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে আৰু বন্তি প্ৰজ্জ্বলনত অংশ লয়।

আজিৰ অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ তথা সু-বক্তা ধ্ৰুৱজ্যোতি শৰ্মা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে,দেশৰ প্ৰতি নিষ্কাম ভক্তি থকাজনহে দেশপ্ৰেমী।দেশভক্ত সকলোৱে হ'ব নোৱাৰে।

তেওঁ কয়, ভক্তি, শ্ৰদ্ধা, সততা আৰু দেশমাতৃৰ প্ৰতি উৎসৰ্গিত মনোভাৱ আছিল বাবে বাগ্মী তৰুণৰাম ফুকনক আজি প্ৰতিজন অসমীয়াই নিভাঁজ দেশভক্তৰ মান্যতা দিয়ে। অসমৰ জাতীয় জীৱনত দেশাত্মবোধৰ অংকুৰ সিঁচি দিয়াত সফল হ'ব পাৰিছিল ভাগৰথী নন্দন তৰুণৰাম ফুকনে।

কৰ্ম নিপুণতা আৰু প্ৰবুদ্ধতা দেশভক্ত ফুকনৰ প্ৰথম পৰিচয় আছিল। এনে এগৰাকী অগ্ৰমাণ্য , মহান অসমীয়াই মৰণোত্তৰভাৱে ভাৰতৰ পদ্ম বিভূষণ সন্মান লাভ কৰাটো উচিত আছিল।

আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নলবাৰী মহেন্দ্ৰ মোহন চৌধুৰী বালিকা বিদ্যাপীঠৰ শিক্ষয়িত্ৰী ডেইজী ডেকাই কবি হীৰেণ ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত 'মোৰ দেশ' কবিতাটি পাঠ কৰে আৰু উক্ত বিদ্যালয়ৰে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী দেৱাঞ্জলী মালাকাৰে এটি দেশপ্ৰেম মূলক গীত পৰিবেশনেৰে অনুষ্ঠানটি অধিক জীপাল কৰি তোলে।

আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অনুপম ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক জিকিৰাণী মহন্ত, জিলা নিৰ্বাচনী বিষয়া শৰ্মিষ্ঠ নেওগ, সহকাৰী আয়ুক্ত অজিতাভ ভৌমিক আৰু উদেষ্ণা শৰ্মা, নলবাৰী জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল তথা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সমূহ কৰ্মচাৰী উপস্থিত থাকে।

নলবাৰীত 'দেশ ভক্তি দিৱস-২০২৩' উদযাপন...
চচল শতদল শাখা সাহিত্য সভাৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in