চচল শতদল শাখা সাহিত্য সভাৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন...

চচল শতদল শাখা সাহিত্য সভাৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান...
চচল শতদল শাখা সাহিত্য সভাৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান...

ডিজিটেল সংবাদ বেবেজীয়াঃ শুকুৰবাৰে চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা শতদল শাখা সাহিত্য সভাৰ সভাপতি কামৰূপ ৰত্ন থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিজ্ঞান গুৰু ড° যোগেন চন্দ্ৰ কলিতাই চচল শতদল শাখা সাহিত্য সভাৰ তিনিমহীয়া পত্ৰিকা 'বাৰ্তালোচনী' আনুষ্ঠানিক শুভ উন্মোচন কৰি বাৰ্তালোচনীখনৰ এক সমীক্ষাত্মক বক্তৃতা প্ৰদান কৰে।

লগতে উপস্থিত কৃতি ছাত্ৰ-ছাত্ৰীসকলক এক সুন্দৰ সপোনৰ দিশে ধাৱমান হৈ নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে এজন উৎকৃষ্ট গাইড নিৰ্বাচন কৰি গাইডজনৰ নীতি-নিৰ্দেশনা অনুসৰণ কৰি ভৱিষ্যত জীৱনত অগ্ৰসৰ হ'বলৈ আহ্বান জনায় । এই ক্ষেত্ৰত অধ্যাপক কলিতাই অক্সফৰ্ড আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ উদ্ধৃতি দি এই বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাগ্ৰহণ কৰা বিভিন্ন নবেল বঁটা পোৱা বিজ্ঞানীসকলৰ প্ৰসংগ উল্লেখ কৰি কৃতি ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভৱিষ্যত সফল কৰাৰ এক মননশীল বক্তৃতা প্ৰদান কৰি উপস্থিত সকলোকে আকৃষ্ট কৰে ৷

অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে এছ কে হাজৰিকা কলেজৰ অধ্যক্ষা ড° ইভা হাজৰিকাই কৃতি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক অনুপ্ৰেৰণামূলক বক্তৃতা আগবঢ়ায়। সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সফলতাৰে উৰ্ত্তীণ হোৱা ১২ গৰাকী ছাত্ৰ-ছাত্ৰী যথাক্ৰমে উন্মিলনা আলামিয়ান, গীতাঙ্খীমন শৰ্মা, মৃদুৎপল গোস্বামী, পৰিস্মিতা ওজা, হিমশিখা ওজা, হৰজ্যোতি চৌধুৰী, বিজয়া পাতৰ, জাগৃতি তেৰণ, বিপলীছা তেৰণ, তন্ময় বৰ্মণ, মৈত্ৰেয়ী দাস আৰু তৃষ্ণা সোণোৱালক অভিনন্দন পত্ৰ, গামোচা, কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা হয়।

আনহাতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিতুপণ বেজবৰুৱা, মনোৱাৰা বেগম, টাইকোৱাণ্ডোত ৰাজ্যিক ভিত্তিত প্ৰতিযোগিতাত সোণৰ পদক প্ৰাপ্ত খেলুৱৈ ৰিয়ান শইকীয়া আৰু আয়াৰলেণ্ড মৌনুথ বিশ্ববিদ্যালয়ৰ পৰা শেহতীয়াকৈ ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা ড° ভাৰ্গৱী দাসকো অনুৰূপ ধৰণে সম্বৰ্ধনা জনোৱা হয়।

'চিৰ চেনেহী মোৰ ভাষা জননী' সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত মৃদুৎপল গোস্বামীৰ খোলবাদন, শাখাৰ সাংস্কৃতিক সম্পাদক হৰিনাৰায়ণ বৰ্মণৰ বাঁহী বাদন, অনাতাঁৰ শিল্পী প্ৰণতি বৰুৱা আৰু সংগীত শিল্পী গিৰিশ শৰ্মা আৰু সদানন্দ বৰ্মণৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে আপ্লুত কৰে । শাখা সাহিত্য সভাৰ সম্পাদক ড° কমল চৌধুৰীয়ে আঁতধৰা অভিনন্দন অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাসকলৰ লগতে শতাধিক বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণেৰে অনুষ্ঠানৰ সফল পৰিসমাপ্তিৰ ঘটে বুলি শাখা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে ৷

চচল শতদল শাখা সাহিত্য সভাৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান...
তিতাবৰত বিজেপিত খহনীয়াঃ যিকোনো মুহূৰ্ততে ভংগ হ'ব তিতাবৰ পৌৰসভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in