গণৰাজ্য দিৱস উপলক্ষে সাহপুৰত ক্ৰিকেট প্ৰতিযোগিতা

গণৰাজ্য দিৱস উপলক্ষে সাহপুৰত ক্ৰিকেট প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
গণৰাজ্য দিৱস উপলক্ষে সাহপুৰত ক্ৰিকেট প্ৰতিযোগিতা

ডিজিটেল সংবাদ,সৰভোগ : গণৰাজ্য দিৱস উপলক্ষে সৰভোগৰ সাহপুৰত টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা এখনি অনুষ্ঠিত কৰা হয়। সাহাপুৰত দুদিনীয়া কাৰ্য্যসূচীৰে আব্দুল মান্নান আৰু ছিৰাজুল হক মেমোৰিয়েল খবিৰ উদ্দিন তালুকদাৰ খেলপথাৰত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে বুলি জানিবলৈ দিয়ে।

Advertisment

উক্ত প্ৰতিযোগিতাখনিত সৰভোগ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে। উদ্যোক্তাই জনোৱামতে, খেলখনৰ ভৰ্তি মাচুল ১৬০০ টকাৰ উপৰি প্ৰথম পুৰস্কাৰ হিচাপে প্ৰদান কৰিব ডাঙৰ ট্ৰফী এটা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে এটা সৰু ট্ৰফী।

উক্ত প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয়।

Also Read: জয়ছোৱাল-ৰাহুল-জাডেজাৰ অৰ্ধশতক : ইংলেণ্ডৰ বিৰুদ্ধে পৰ্বতসম ৰান টীম ইণ্ডিয়াৰ

Sarbhog cricket