জয়ছোৱাল-ৰাহুল-জাডেজাৰ অৰ্ধশতক : ইংলেণ্ডৰ বিৰুদ্ধে পৰ্বতসম ৰান টীম ইণ্ডিয়াৰ

ইংলেণ্ডৰ আটাইকেইটা উইকেটৰ পতনৰ অন্তত ঘৰুৱা দল ভাৰতে প্ৰথম ইনিংছতে দেখুৱাই চমৎকাৰ। দলৰ ইনিংছ মুকলি কৰা ৰোহিত শৰ্মা ২৪ ৰান কৰি বিদায় ল'লেও-যশস্বী জয়ছোৱালে ৮০ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়।
জয়ছোৱাল-ৰাহুল-জাডেজাৰ অৰ্ধশতক : ইংলেণ্ডৰ বিৰুদ্ধে পৰ্বতসম ৰান টীম ইণ্ডিয়াৰ

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰৰ পৰা ৰাজীৱ গান্ধী আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত-ইংলেণ্ডৰ প্ৰথম টেষ্ট। মেচখনৰ প্ৰথমদিনা ভাৰতৰ স্পীন আক্ৰমণত তিষ্ঠিব নোৱাৰি আলহী দল ইংলেণ্ডে ২৪৬ ৰানতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হয়।

দলটোৰ হৈ সৰ্বাধিক অধিনায়ক বেন ষ্ট'কছে ৭০ ৰান কৰে। বিপৰীতে ভাৰতৰ স্পীন যুটি ৰবীন্দ্ৰ জাডেজা-অশ্বিনে ৩টাকৈ উইৰকেট লাভ কৰে। আনহাতে বুমৰাহ-অক্ষৰ পেটেলে লাভ কৰে ২টাকৈ উইকেট।

ইংলেণ্ডৰ আটাইকেইটা উইকেটৰ পতনৰ অন্তত ঘৰুৱা দল ভাৰতে প্ৰথম ইনিংছতে দেখুৱাই চমৎকাৰ। দলৰ ইনিংছ মুকলি কৰা ৰোহিত শৰ্মা ২৪ ৰান কৰি বিদায় ল'লেও-যশস্বী জয়ছোৱালে ৮০ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়।

ইফালে কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাডেজায়ো অৰ্ধশতক অৰ্জন কৰে। ৰাহুলে ৮৬ ৰানৰ কৰে আৰু জাডেজাই ৮১ ৰানত বেটিং কৰি আছে। ৩গৰাকীকৈ বেটাৰৰ অৰ্ধশতকৰ সহায়ত ঘৰুৱা দলটোৱে পৰ্বতসম ৪২১ ৰান সংগ্ৰহ কৰি দ্বিতীয় দিনাৰ খেলৰ অন্ত পৰে।

সম্প্ৰতি জাডেজা ৮১ আৰু অক্ষৰ পেটেল ৩৫ ৰান কৰি ক্ৰিজত আছে। মেচৰ দ্বিতীয় দিনাৰ অন্তত ভাৰতৰ ৭টা উইকেটৰ পতন ঘটি ১৭৫ ৰানৰ অগ্ৰগতি লাভ কৰে।

জয়ছোৱাল-ৰাহুল-জাডেজাৰ অৰ্ধশতক : ইংলেণ্ডৰ বিৰুদ্ধে পৰ্বতসম ৰান টীম ইণ্ডিয়াৰ
বৰহোলাত আজিৰে পৰা পঞ্চদশ বাৰ্ষিক বৰহোলা গ্ৰন্থমেলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in