ৰঙিয়াত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনীৰ গঠনমূলক উদ্যোগ...

ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ, আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতা সম্পন্ন

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনীৰ গঠনমূলক উদ্যোগ...

ৰঙিয়াত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনীৰ গঠনমূলক উদ্যোগ...

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা অখিল ভাৰতীয় মাৰোৱাড়ী মহিলা সন্মিলনীয়ে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশ সাধনৰ অৰ্থে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। ইয়াৰে অংশ হিচাপে সংস্থাটোৱে আজি ৰঙিয়া নগৰৰ ৭ নং ৱাৰ্ডত অৱস্থিত আৰিমত্ত বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কুইজ আৰু আকস্মিক বক্তৃতাৰ আয়োজন কৰে।

Advertisment

উক্ত কাৰ্যসূচীত বিদ্যালয়খনৰ শতাধিক ছাত্ৰ - ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। সংস্থাটোৰ সভানেত্ৰী প্ৰাচী চিকাৰিয়াৰ তত্বাৱধানত অনুষ্ঠিত কৰা উক্ত কাৰ্য্যসূচীত সম্পাদিকা অৰুণা আগৰৱালাৰ লগতে লক্ষ্মী জাজোদিয়া, ৰেখা শৰ্মাই উপস্থিত থাকে। 

প্ৰতিযোগিতাৰ অন্তত বিজয়ীসকলক বঁটা আৰু মান পত্র প্ৰদান কৰা হয়। আনহাতে কাৰ্যসূচীৰ সফল ৰূপায়নত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নয়নজ্যোতি দাস প্ৰমুখ্যে শিক্ষক-শিক্ষয়ত্ৰী বৃন্দই সহযোগিতা আগবঢ়ায়।

Also Read: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ চাৰিওফালে উন্নয়ন হৈছে: জয়ন্ত মল্ল বৰুৱা

ৰঙিয়া