/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5aaf9105-bbd7-43d1-ab0d-057cc0b82fb7/jayanta_4.jpg)
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ চাৰিওফালে উন্নয়ন হৈছে: জয়ন্ত মল্ল বৰুৱা
ডিজিটেল ডেস্কঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গোৱালপাৰাৰ নাওথোৱাত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত আয়োজিত বিশাল বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ কাৰিপাৰা আৰু দুধনৈত আন দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷
নাওথোৱাত অনুষ্ঠিত বিশাল জনসভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বিজুলী কলিতা মেধি এইবাৰ ৬ লাখতকৈ অধিক ভোটত বিজয়ী হ’ব। ইয়াত চিন্তা কৰিবলগা নাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা-চৰ্চাৰ কাৰণে আজি অসমৰ ১০০ তকৈ বেছি সমষ্টি এতিয়া আমাৰ হৈ পৰিছে বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ab8f862f-2376-4d64-ba32-43b9dc83bdbb/e226adc3_27d4_478c_a9ce_acca473ecccb.jpg)
যোগ্যভাৱে ইয়াক ব্যৱহাৰ কৰি অসমৰ ১৪ খন আসনৰ ১৪ খনেই নৰেন্দ্ৰ মোদীক উপহাৰ দিব লাগে আৰু তাৰ কাৰণে সকলোকে কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে, এই অঞ্চলৰ ৰাইজ যথেষ্ট সচেতন। এই অঞ্চলৰ ৰাইজে প্ৰতিটো সময়তে, অঞ্চলটোৰ উন্নয়নৰ কাৰণে, জাতিটোৰ উন্নয়নৰ কাৰণে কাম কৰে বুলি তেওঁ ভাষণত কয়। সেয়ে এই অঞ্চলৰ ৰাইজে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰাৰ কাৰণে আজি সিদ্ধান্ত ল’ব লাগিব বুলিও কয়।
কিয়নো আজি অসমৰ চাৰিওফালে যি উন্নয়ন-প্ৰগতি হৈছে, সেয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হৈছে বুলি উল্লেখ কৰি তেওঁ ড০ হিমন্ত বিশ্ব শৰ্মাক সকলো সময়তে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশীৰ্বাদ কৰে। বিগত ১০ বছৰে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক পোৱাৰ পিছত অসমৰ উন্নয়ন আৰু প্ৰগতি কেনেদৰে হৈছে সেই কথাও তেওঁ ভাষণত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0de40825-292b-4ac1-af3e-accf520b4613/2a69ba6e_4eb4_4143_8ab5_fbfb4847f3ba.jpg)
আজিৰ পৰা ১০ বছৰ আগতে অসমৰ পৰিস্থিতি কেনেকুৱা আছিল সেই বিষয়ে ভাষণ দাঙি ধৰি তেওঁ কয় যে, সৰু সৰু কথাতে আন্দোলন কৰা, দাবী দিয়া, প্ৰতিবাদ কৰা পৰিৱেশ আছিল। ব্ৰহ্মপুত্ৰত এখন দলং নিৰ্মাণ কৰাৰ বাবেও ৫ বছৰ, ১০ বছৰ ধৰি আন্দোলন কৰিব লগা হৈছিল। আনহাতে, ৰিফাইনেৰী এটাৰ বাবেও ৬ বছৰীয়া আন্দোলন কৰিব লগা হৈছিল। এয়া আছিল অসমৰ পৰিৱেশ। কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সেই পৰিৱেশ সলনি হ’ল। ব্ৰহ্মপুত্ৰৰ ওপৰত এখনৰ পিছত এখনকৈ দলং হৈছে, এখনৰ পিছত এখকৈ মেডিকেল কলেজ হৈছে, ৰাস্তা-ঘাট নিৰ্মাণ হৈছে, অনুষ্ঠান হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰি কয় যে, আজি প্ৰধানমন্ত্ৰীয়ে আমাক যিদৰে গৌৰাৱান্বিত কৰিছে, তেনেকৈ কোনো এজন প্ৰধানমন্ত্ৰীয়ে গৌৰাৱান্বিত কৰিব পৰা নাছিল। আগতে প্ৰধানমন্ত্ৰী যেতিয়া বিদেশলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীক আমি টিভিত বিচাৰি থাকিব লাগিছিল। টিভিত দেখিবলৈ পোৱা নগৈছিল। প্ৰধানমন্ত্ৰীগাৰীয়ে কোনো গুৰুত্বই পোৱা নাছিল। কিন্তু এতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা, লণ্ডন, জাৰ্মানী, ৰাছিয়া য’লৈকে নাযাওক কিয়, তেওঁ সকলোতকৈ আগত জিলিকি থাকে আৰু আমি ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰোঁ। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বুকুত আজি গোটেই ভাৰতবৰ্ষখনক উজলাই তুলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/865a2e1c-474f-4e17-8ab9-e98ef1839495/0d92bc64_3cbb_472f_b5bc_e088173047ae.jpg)
আনহাতে, অসমীয়াৰ স্বাভিমান গামোচাখন ডিঙিত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে অসমীয়া গামোচাখনৰ ব্ৰেণ্ড এম্বেছেডৰ বুলি কয়, যিয়ে নেকি আমাক গৌৰাৱান্বিত কৰে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ আৰু কয় যে, সমগ্ৰ ভাৰতবৰ্ষৰে আজি এটাই সংকল্প নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰা। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক জয়যুক্ত কৰি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ সকলোকে আহ্বান জনায়।
তেওঁ আৰু কয় যে, দুশ বছৰ শাসন কৰা ব্ৰিটিছক পিছ পেলাই ভাৰত আজি বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশ হৈছে। এয়া সম্ভৱ হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে। তেওঁ আৰু কয় যে আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চীনক পিছ পেলাই ভাৰতক কেনেকৈ বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ কৰিব পাৰি, তাৰ বাবে আমি কাম কৰিব লাগিব।
আজি প্ৰতিটো জাতি-জনগোষ্ঠী মিলি একেলগে হাতত হাত ধৰি আগবাঢ়ি যোৱাৰ এটা পৰিৱেশ সূচনা হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো জাতি-জনগোষ্ঠীৰে মনৰ কথা বুজি পোৱা এজন নেতা বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁ সকলোকে লগত লৈ এখন সমন্বয়ৰ অসম সৃষ্টি কৰিবলৈ গৈ আছে। বড়োভূমিত আজি সংঘাত নোহোৱা হ’ল, কাৰ্বিভূমিত সংঘাত নোহোৱা হ’ল, প্ৰতিটো অঞ্চলতে আজি সংঘাতবিলাক নোহোৱা হৈ এখন সুন্দৰ অসম, শান্তিৰ অসম হ’ল বুলি তেওঁ কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fa796902-ade3-406f-8bee-18410e3badd7/cde5df8d_4e04_40b0_a42e_15c4e35196ac.jpg)
শান্তিৰ অসমত এতিয়া উন্নয়নৰ বন্যা বৈছে বুলি তেওঁ মন্তব্য কৰে। সভাত মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিভিন্ন আঁচনি সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰাৰ লগতে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি যে আখৰে আখৰে পালন কৰিছে সেই কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে অহা ৭ তাৰিখে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাক শক্তশালী কৰিবৰ কাৰণে সকলোকে বিজুলী কলিতা মেধিক পদুম ফুলৰ ছিহ্নত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।
Also Read: নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা দুই চৰকাৰী কৰ্মচাৰীক নিলম্বন...