/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/16428e40-1272-44b1-baed-bca0561c2e9d/C_M_new_now.jpg)
ডিজিটেল ডেস্কঃ এদিনীয়া ভ্ৰমনসূচীৰে নলবাৰীলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জিলাখনত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে নলবাৰীৰ ধমধমাৰ পথত নিৰ্মিত দুইলেণ্ডযুক্ত উৰণীয়া সেঁতুখন । এই সেঁতুখনৰ দৈঘ্য ৪৬৭.২৪ মিটাৰ আৰু ইয়াৰ প্ৰস্থ ৭.৫ মিটাৰ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ee6199d6-6614-4dd8-a1b0-21a0fc8d06a0/03bb3f29_2ce6_494a_a708_434a8aa189f4.jpg)
জিলাখনত যান-যঁট দূৰ কৰাৰ ক্ষেত্ৰত এই উৰণীয়া সেঁতুখন অতিকৈ প্ৰয়োজনীয় আছিল । সেঁতুখনত নিৰ্মাণত ব্যয় হৈছে ৫৪.২৯ কোটি টকা । উল্লেখযোগ্য যে শনিবাৰৰ দিনাই নলবাৰীৰ দ্ৰুত বিকাশ আৰু উন্নয়নত সহায়ক হোৱাকৈ ১৬৪. ১৪ কোটি টকীয়া কেইবাটাও প্ৰকল্প আধাৰশিলা স্থাপন কৰে । এই ভ্ৰমনতে মুখ্যমন্ত্ৰীয়ে জল জীৱন মিছনৰ অংশীদাৰী গাঁৱৰ ৰাইজ, পানী উপভুক্তা কমিটিৰ সদস্য, জলমিত্ৰ, জলদোত, গাওঁ পঞ্চায়তৰ সদস্য, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ প্ৰতিনিধিক সামৰি প্ৰথমখন জলজীৱন সন্মিলনতো অংশ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6c9d66e0-a84a-44e5-becf-712e2348b6b8/10f2dade_ccd5_45fc_9ca2_63c1d3979006.jpg)
মুখ্যমন্ত্ৰী ড০ শৰ্মাই গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰলৈ যোৱা ডেৰ কিলোমিটাৰ দৈঘ্যৰ পথটো গৌৰৱ পথ নামেৰে নামাকৰণৰ লগতে উন্নীতকৰণৰ কামো শুভাৰম্ভ কৰে । ড০ শৰ্মাই এই ভ্ৰমনতো নলবাৰীৰ বৰকুছি মিলনপুৰত চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন কৰিলে । ২বিঘা ২কঠা ১৫ লোচা ভূমিত নিৰ্মাণ কৰিব লগীয়া এই ভৱনত নলবাৰী জিলা কোঁচ ৰাজবংশী সন্মিলনৰ মুখ্য কাৰ্যালয়ত অতিথি গৃহ, সভা গৃহ আৰু ভূমি মহলাত বিপনী কোঠা থাকিব । ইফালে নলবাৰীৰ পৰিবহন সেৱাত নতুন সংয়োজন ঘটাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত নতুনকৈ নলবাৰীত চিটি বাছ সেৱা আনুষ্ঠানিক শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/20cba0fc-ca53-4f12-9289-448c9bebc744/db9518a5_9e1e_4e68_bdc0_38504abf4216.jpg)
জিলাখনৰ বিভিন্ন গাওঁ সামৰি লৈ এই সেৱা নলবাৰী চহৰৰ পৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ চলিব । ড০ শৰ্মাই নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০০০খন আসনযুক্ত এটা প্ৰেক্ষাগৃহৰো আধাৰশিলা স্থাপন কৰে । এই ভ্ৰমনতে ৩৮ কোটি টকা ব্যয় সাপেক্ষে এআই আইবি প্ৰকল্পৰ অধীনত ৪টা ৩৩/১১ কেবিৰ উপকেন্দ্ৰ, ১১.৫৫ কোটি ব্যয় সাপাক্ষ মথাউৰি পকীকৰণ আঁচনি, মুখ্যমন্ত্ৰী পকীপথ নবীকৰণ আঁচনি আৰু ১৫ টা মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ আধাৰশিলা ভাৰ্চুৱেলী স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2ed35fa3-b5df-4611-b679-dcce5714d04e/51dd3ad9_f76d_4500_8348_937dbbc1b0f9.jpg)
নলবাৰীৰ ভ্ৰমণকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, " এই প্ৰকল্প সমূহৰ হকে বিকাশ তীৰ্থ হিচাবে গণ্য কৰিলে ই সদায় জীৱন্ত হৈ থাকিব । তেওঁৰ ভাষণত উল্লেখ কৰে যে, "ৰাজ্যৰ ৩৫ লাখ পৰিয়ালক ইতিমধ্যেই বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই অহা অক্টোবৰৰ ভিতৰত ৰাজ্যৰ ৪০ লাখ পৰিযালক ৰেচন কাৰ্ড প্ৰদান কৰিব বুলিও সদৰি কৰে । এই কাৰ্ড লাভ কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে বিনামূলীয়া চাউলৰ লগতে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাও লাভ কৰিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4b22f5b8-3302-4d2b-9c75-d801fbae2ca4/a6f5ab99_e85a_429d_bf02_9fdbf72ee6a9.jpg)
মুখ্যমন্ত্ৰীয়ে চেপ্তেম্বৰৰ ভিতৰত নতুনকৈ ৭লাখ অৰুণোদয় হিতাধীকাৰী অন্তৰ্ভুক্ত, এই আঁচনিৰ ধনৰাশি ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি , প্ৰতিটো আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰ টকাকৈ অনুদান, ২লাখ নিবনুৱা যুৱক-যুৱতীক উদ্যোগ বা বাণিজ্যৰ বাবে ২ লাখ টকাকৈ আগবঢাব বুলি জানিব দিয়ে ।
ভাষণ প্ৰসংগত নলবাৰীত মুখ্য়মন্ত্ৰীয়ে ৰাজ্যত নতুনকৈ ৮ খন বিশ্ববিদ্যালয় স্থাপন কৰিব বুলি জানিব দিয়ে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেওগ, ৰঞ্জিত কুমাৰ দাস, নন্দিতা গাৰ্লোচা, জয়ন্ত মল্ল বৰুৱা, দিলিপ শইকীয়া, কুইন ওজা আদিৰ লগতে যথেষ্ঠ সংখ্যক দলীয় বিধায়ক উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/14fcf406-e336-4ed8-8300-7f120c30acfd/3cbd2221_3b98_41c2_8606_58e602b0cf41.jpg)
Also Read: ডিমা হাছাওত লাগে এটা লোকসভা আৰু দুটা বিধানসভা সমষ্টিঃ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ স্মাৰক পত্ৰ...