ডিমা হাছাওত লাগে এটা লোকসভা আৰু দুটা বিধানসভা সমষ্টিঃ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ স্মাৰক পত্ৰ...

ডিমা হাছাওত লাগে এটা লোকসভা আৰু দুটা বিধানসভা সমষ্টিঃ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ স্মাৰক পত্ৰ...

ডিজিটেল ডেস্কঃ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাকলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ডিমা হাছাও সমষ্টি পুনৰ নিৰ্ধাৰণ দাবী কমিটিয়ে । এই স্মাৰক পত্ৰত আয়োগক ডিমা হাছাও পাৰ্বত্য জিলাৰ বাবে এটা পৃথক লোকসভা সমষ্টি আৰু এটা নতুনকৈ বিধানসভা সমষ্টি সৃষ্টিৰ বাবে দাবী জনোৱা হৈছে ।

লোকসভা সমষ্টিটো জনজাতি লোকৰ বাবে সংৰক্ষিত কৰাৰ দাবী তুলিছে ডিমা হাছাও পুনৰ নিৰ্ধাৰণ দাবী কমিটিয়ে । জিলাখনৰ উপাযুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰত কোৱা হৈছে যদিও ডিমা হাছাও জিলাখন ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এখন পুৰণি স্বায়ত্বশাসিত পৰিষদ আছে। এই জিলাখনৰ জনসংখ্যাও আন জিলাৰ তুলনাত কম ।

১৯৫২ চনত ৩৫০০০ জনবসতি থকা জিলাখনত হাফলং নামৰ এটা বিধানসভা সমষ্টি গঠন কৰা হৈছিল । বৰ্তমান জিলাখনত জনসংখ্যা ২,১৪,১০২ গৰাকীকৈও অধিক । সেয়েহে এই জিলাখনৰ বাবে এটা পৃথক লোকসভা সমষ্টি আৰু এটা বিধানসভা সমষ্টিৰ প্ৰয়োজন হৈ পৰিছে । প্ৰায় ৯৮ শতাংশ পাহাৰীয়া অঞ্চলেৰে গঠিত জিলাখনত উন্নয়নৰ কাম-কাজ খৰতকীয়া কৰিবলৈ এনে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন বুলি স্মাৰক পত্ৰত উল্লেখ কৰিছে ।

জিলাখনৰ সামাজিক নিৰাপত্তা, আৰ্থিক আৰু ৰাজনৈতিক অনগ্ৰসৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণৰ দাবী জনোৱা হৈছে । চুবুৰীয়া কাৰ্বি আংলং জিলাৰ মুঠ মাটিকালি ১০,৪৩৩ বৰ্গ কিলোমিটাৰ । এই জিলাখনতে ৫ টা বিধানসভা সমষ্টিৰো প্ৰস্তাৱ দিয়া হৈছে।

কিন্তু ডিমা হাছাও জিলাখনৰ মুঠ মাটিকালি ৪,৮৮৮ বৰ্গকিলোমিটাৰ । সেই হিচাপত আন এটা নতুন বিধানসভা সমষ্টি গঠন কৰাটো প্ৰয়োজন বুলি দাবী কৰিছে কমিটিয়ে । পাহাৰীয়া জিলাখনৰ উন্নয়নৰ স্বাৰ্থত ভাৰত চৰকাৰক বিশেষ পদক্ষেপ ল'বলৈ দাবী জনাইছে তেওঁলোকে । মেঘালয়, নাগালেণ্ড, মিজোৰাম, আদি ৰাজ্যৰ আৰ্হিত ডিমা হাছাওত বিধানসভা আৰু লোকসভা সমষ্টি গঠনৰ প্ৰস্তাৱ দিছে তেওঁলোকে ।

ভাৰতীয় নিৰ্বাচন আয়োগে উল্লেখ কৰিছিল নিম্ন জনসংখ্যা বৃদ্ধি জিলাসমূহ যাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত সুবিধাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হ'ব । সেই যুক্তিত ডিমা হাছাওৰ প্ৰতি আয়োগে বিশেষ দৃষ্টি ৰাখিবলৈ কোৱা হৈছে ।

ডিমা হাছাওত লাগে এটা লোকসভা আৰু দুটা বিধানসভা সমষ্টিঃ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ স্মাৰক পত্ৰ...
বানাক্ৰান্ত অঞ্চলত নাওবৈচা মহাবিদ্যালয়ৰ উদ্যোগত চিকিৎসা শিবিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in