/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c9341cd8-8b73-49f3-bc00-f12a5ab1cba2/karbi.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ডকমকাত বৃহস্পতিবাৰে অসম গণ পৰিষদৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় । অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চন্দ্ৰ ছিং ইংতিৰ সভাপতিত্বত সাংগঠনিক সভাখন অনুষ্ঠিত হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম গণ পৰিষদৰ হাওৰাঘাট বিধান পৰিষদৰ সম্পাদক মোহিত হাজৰিকাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d92e682f-abd4-4444-aae9-d5042c042016/b8a852ba_d940_4eea_b67d_8433b4755a4b.jpg)
সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি ভাষণ দিয়ে অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্যদ্বয় ক্ৰমে আচিকুৰ ৰহমান আৰু জিতু বৰগোহাঞি । সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য অংশুমান দত্ত আৰু ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ উপ-সভাপতি পিজু ডেকা, অসম গণ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক উদিপ্ত দত্তৰ লগতে হাওৰাঘাট, নমাটি, মহামায়া, কৰকান্টি আৰু চচেং ধেন্টা পৰিষদীয় সমষ্টিৰ অসম গণ পৰিষদৰ বহু কৰ্মী উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/48ab41b3-e148-4674-b67f-5a87bbc51bcc/5912041f_40fa_4830_99c9_3cde0a9e2753.jpg)
উক্ত সভাতে বীৰেণ টেৰাঙক সভাপতি আৰু মোহিত হাজৰিকাক সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া অসম গণ পৰিষদৰ হাওৰাঘাট বিধান পৰিষদৰক নতুনকৈ গঠন কৰা হয় । উল্লেখ্য যে কাৰ্বি আংলঙৰ ডকমকাত অসম গণ পৰিষদৰ সাংগঠনিক সভাৰ যোগেদি অসম গণ পৰিষদ দলটো কাৰ্বি পাহাৰত নতুনকৈ শক্তিশালী ৰূপত উত্থান হোৱা পৰিলক্ষিত হৈছে ।
Also Read: ধেমাজিত আয়ুষ্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভণি...