নলবাৰীৰ সাৰ্বজনীন ৰঙালী বিহু উৎসৱ, উৎসৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল...

নলবাৰীৰ বৰ আজাৰাত সাৰ্বজনীন ৰঙালী বিহুৰ উদাপন ৷ অনুষ্ঠানটিৰ আনুস্থানিকভাবে উদ্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উক্ত অনুস্থানত উপস্থিত থাকে সাদিন, প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা ৷ বৃহস্পতিবাৰে আয়োজিত উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সঞ্চালকগৰাকী
সাৰ্বজনীন ৰঙালী বিহু
সাৰ্বজনীন ৰঙালী বিহু

ডিজিটেল ডেস্কঃ নলবাৰীৰ বৰ আজাৰাত সাৰ্বজনীন ৰঙালী বিহুৰ উদাপন ৷ অনুষ্ঠানটিৰ আনুস্থানিকভাবে উদ্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উক্ত অনুস্থানত উপস্থিত থাকে সাদিন, প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা ৷ বৃহস্পতিবাৰে আয়োজিত উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সঞ্চালকগৰাকী ৷

অনুষ্ঠানত উপস্থিত থাকি ৰঙালীৰ উল্লাখত মুগ্ধ হৈ আয়োজকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে সাদিন প্ৰতিদিনৰ স্বত্বাধীকাৰীগৰাকীয়ে ৷ উদ্যোগতা সমিতিৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱা হয় ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গভীৰ আনন্দ লাভ কৰাৰ লগতে গৌৰৱ অনুভৱ কৰাৰ কখা ব্যক্ত কৰি সঞ্চালকগৰাকীয়ে এইবাৰৰ ৰঙালী বিহু এক ব্যতিক্ৰম বুলি উল্লেখ কৰে ৷

ৰঙালী বিহু
ৰঙালী বিহু

তেওঁ কয় যে এইবাৰৰ বিহুৱে বহুদিনৰ মূৰত সমগ্ৰ অসমবাসীক জাতীয় উৎসৱৰ আনন্দৰে উদ্বুদ্ধ কৰি তুলিছে ৷ তেওঁ লগতে কয় যে সৰুসজাইত ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী বিশেষ উদ্যোগত ১১ হাজাৰৰো অধিক বিহুৱতীয়ে বিহু নৃত্য প্ৰদৰ্শনৰ লগতে বহু সংখ্যক ঢুলীয়াই ঢোল বাদনেৰে বিশ্ব অভিলেখ গঢিছে ৷

অসমীয়াৰ বাবে গৌৰৱৰ থলস্বৰূপ এনে স্বীকৃতিৰ বাবে অনুষ্ঠানৰ মূল উদ্যোগতা তথা পৰিকল্পনাকাৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ আঁৰৰ সমূহ সহযোগীক তেওঁ উচ্চ প্ৰশংসা কৰে ৷

তেওঁ আশা ব্যক্ত কৰে যে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতেও এনে প্ৰচেষ্টাৰে অসমক সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক দিশত দ্ৰুতভাবে আগবাঢি যোৱাৰ বাবে প্ৰয়োজনীয় প্ৰদক্ষেপ গ্ৰহণ কৰিব ৷ তেওঁ আজিৰ বিহু অনুষ্ঠানৰ মূল উদ্যোগতা বিশিষ্ট নেতা ফণী শৰ্মা তথা তেওঁৰ সহযোগীসকলক এই অনুস্থানলৈ আমন্ত্ৰণ জনোৱা বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷

আজিৰ অনুস্থানত বহুতো বিশিষ্ট ব্যক্তিৰ লগতে বৃহৎ সংখ্যক ৰাইজ উপস্থিত থাকি অনুষ্ঠানটিৰ শোভা বৃদ্ধি কৰে ।

সাৰ্বজনীন ৰঙালী বিহু
বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ 'ৰঙালী'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in