/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/14c79e5f-6829-401a-aa6d-16c903110e7a/296.jpg)
ডিজিটেল সংবাদ,দৌলাশাল : প্ৰতিশ্ৰুতিসম্পন্ন কবি,গল্পকাৰ,লেখক মনমোহন বৈশ্যৰ সদ্য প্ৰকাশিত গল্পপুথি “আকাশৰ তৰা" মঙ্গলবাৰে উন্মোচন কৰা হয় ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰতলা গাঁৱৰ সাংস্কৃতিক কৰ্মী মনমোহন বৈশ্যৰ প্ৰথমখন গল্পপুথি “আকাশৰ তৰা" মঙ্গলবাৰে হেঙুল থিয়েটাৰৰ মঞ্চত উন্মোচন কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/54e35f65-360c-4851-9ec6-e258d88baa08/eb7a95aa_0c06_47b3_8fbe_36b9534da4af.jpg)
বৰতলা শংকৰদেৱ নামঘৰ প্ৰাংগণত মঙ্গলবাৰৰ পৰা চলি থকা হেঙুল থিয়েটাৰৰ মঞ্চত মনমোহন বৈশ্যৰ গল্পপুথি “আকাশৰ তৰা" উন্মোচন কৰে ভ্ৰাম্যমান থিয়েটাৰ তথা চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা ৰবি শৰ্মাই ৷ বৰতলা গাঁৱৰ সাংস্কৃতিক কৰ্মী মাধৱ চৌধুৰীয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ কৌস্তভ ৰয় মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷
আকাশৰ তৰা উন্মোচন কৰি অভিনেতা ৰবি শৰ্মাই পাঠক - সমাজক গ্ৰন্থখন আঁকোৱালি ল'বলৈ আহ্বান জনায় আৰু লেখকগৰাকীক উৎসাহ - উদ্দীপনা আগবঢ়াবলৈ কয় ৷
পঢ়ুৱৈ- সমাজৰ মাজত মুকলি কৰি দিয়া “আকাশৰ তৰা" গল্পপুথিখনৰ জড়িয়তে গল্পকাৰ মনমোহন বৈশ্যই পাঠক - সমাজৰ সঁহাৰি আৰু সহযোগিতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে অভিনেতা ৰবি শৰ্মাই ৷ বিগত দুই দহক ধৰি মনমোহন বৈশ্যই বিভিন্ন কাকত - আলোচনীত কবিতা, গল্প লিখি পাঠকৰ সমাদৰ বুটলি শেহতীয়াভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হয় “আকাশৰ তৰা" শীৰ্ষক গল্পপুথিখন ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b78faf88-78ff-4f0e-a9a1-eeb70923c15f/165931d9_e8ee_4f16_8e8e_0e7d07ade66b.jpg)
মনমোহন বৈশ্যই ইতিমধ্যেই “অভিশপ্ত ফুলশয্যা" নামেৰে এখন উপন্যাস, “কাৰাগাৰত মই" নামেৰে এখন গল্পপুথি আৰু “গেন্ধেলাৰ বিয়া" নামেৰে এখন একাংকিকা নাট লিখি পাঠক সমাজৰ বাবে সাজু কৰি তুলিছে । প্ৰকাশৰ পথত থকা উক্ত গ্ৰন্থ কেইখন অচিৰেই উন্মোচন কৰা হ'ব বুলিও লেখক মনমোহন বৈশ্যই জানিবলৈ দিয়ে ৷ উন্মোচনী অনুষ্ঠানত বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীকে প্ৰমুখ্য কৰি ভালেকেইজন বিশিষ্ট লোক উপস্থিত থাকে ৷