/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/785a7861-d6ad-4729-a97c-5a4d7a8f9590/295.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথ : স্মাৰ্ট আৰক্ষীৰ বিশ্বনাথত তথৈবচ অৱস্থা। কিয়নো চুৰিকাণ্ড ৰোধ কৰাত বিশ্বনাথৰ স্মাৰ্ট আৰক্ষী সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।
নিশা জনসাধাৰণক সুৰক্ষা দিয়াতো ব্যৰ্থ হোৱা বুলি একংশৰ অভিযোগ। বিশ্বনাথত সঘনাই সংঘটিত হৈছে চুৰিকাণ্ড। মংলবাৰে নিশাও পুনৰ সংঘটিত হয় আন এক চুৰিকাণ্ড।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/2bc5697c-7d77-436f-998b-d0b66375bf17/d1d4d132_c5da_48a8_8845_0e94c839f5bf.jpg)
জানিব পৰামতে নিশা গৃহস্থ ঘৰত নথকা সময়তে চোৰে চলালে চাফাই অভিযান।বিশ্বনাথৰ কোচগাঁৱৰ ভাৰাতীয়া হিচাপে থকা ৰূপম হাজৰিকাৰ ঘৰৰ তলা ভাঙি চোৰে লৈ গ'ল প্ৰায় ২ লাখ টকাৰ সোণৰ আ-অলংকাৰ আৰু নগদ ১৫ হাজাৰ টকা।
উল্লেখ্য যে ঘটনা সংঘটিত হোৱা দিনটোত ৰূপম হাজৰিকা পৰিয়ালৰ সৈতে গৈছিল নিজ গৃহ বৰগাঙলৈ। কিন্তু পুৱা ঘৰৰ কাষত থকা মাহীয়েকে ৰূপম হাজৰিকাৰ ঘৰত আহি দেখা পাই যে, ঘৰখনৰ তলা ভঙা।
লগে লগে ৰূপম হাজৰিকা পৰিয়ালসহ ভাৰাঘৰলৈ আহি ঘৰখনৰ সমস্ত সা-সামগ্ৰী লণ্ড ভণ্ড হৈ থকা প্ৰত্যক্ষ কৰে। জানিব পৰা মতে চোৰে গডৰেজৰ লকাৰ ভাঙি লৈ যায় প্ৰায় ২ লাখ টকাৰ সোণৰ আ-অলংকাৰসহ নগদ ১৫ হাজাৰ টকা।
ইতিমধ্যে এই চুৰিকাণ্ড সন্দৰ্ভত ভুক্তভোগীয়ে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আনহাতে একে নিশাই বিশ্বনাথৰ কোচগাঁৱৰ নিপেন দত্ত নামৰ লোকজনৰ ঘৰতো চোৰে ভাঙিছিল দুৱাৰৰ খিলি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/8fdadb2b-0da5-424e-90c7-7c301b1a2998/9b359efd_1404_4e5f_bdd7_ee30453932d5.jpg)
কিন্তু নিপেন দত্তৰ ঘৰৰ পোহনীয়া কুকুৰজনীৰ বাবে চোৰে উক্ত ঘৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়। উল্লেখ যে বিশ্বনাথত বিগত কিছু দিন ধৰি চোৰে ধাৰাবাহিক সন্ত্ৰাস অব্যাহত ৰাখিছে।
বিশ্বনাথত এতিয়া ঘৰত তলা দেখিলেই কোন মূহুৰ্তত চোৰে চলাব চাফাই অভিযান,তাৰ কোনো নিশ্চয়তা নাই। বিশ্বনাথ আৰক্ষীৰ চৰম বিফলতাৰ বাবেই এতিয়া জনসাধাৰণৰ সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে বুলি আৰক্ষীক বহুলোকে সমালোচনা কৰিছে। আনকি এই সন্দৰ্ভত সামাজিক মাধ্যমতো জনসাধাৰণে বিশ্বনাথ আৰক্ষীক সমালোচনা কৰিছে।
Also Read: ৰহাৰ ফুলগুৰিত ঐতিহাসিক ফুলগুৰি ধেৱা স্মৃতি দিৱস পালন