/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/57cdea5b-2c23-4d85-bd8e-a32f6037df21/F3.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক, অভিনেতা ৰমেশ চন্দ্ৰ পাটোৱাৰীৰ আজি ওপজা গাওঁ কঠোৰাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভাৰ সভাপতি মহীধৰ পাটোৱাৰীৰ সভাপতিত্বত আৰু সাংবাদিক শ্বাহ আলম আহমেদে আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ দিয়ে পৃথ্বিভূষণ ডেকাই ।
পাটোৱাৰীৰ বৰ্নিল জীৱন সম্পৰ্কে সাংবাদিকদ্বয় শ্বাহ আলম আহমেদ আৰু কিশোৰ কুমাৰ কলিতাই সম্পাদনা কৰা "প্ৰজ্ঞাসাধক" নামৰ সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰে প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনে। গ্ৰন্থখন উন্মোচন কৰি হাইদৰ হুছেইনে কয় "খ্যাতি মান মানুহ সমাজৰ ছাঁ সদৃশ। কিছুবছৰ আগত সমাজখন আমাৰ আছিল। এতিয়া মোৰ হৈছে। আৱেগিকভাৱে আমিবোৰ দূৰ হৈছো।সেয়ে সমাজখন এতিয়া ভিতৰি ভিতৰি থানবান হৈছে। সম্প্ৰতি সমাজৰ মানুহবোৰৰ পূৰ্বৰ তুলনাত উন্নতি হৈছে যদিও সামাজিক চেতনাবোধত ভিতৰি ভিতৰি ভাঙোনমুখী হৈছে। সমাজখনত সীমাবদ্ধতাৰ মাজত থাকি পূৰ্বে সমাজখন নতুনকৈ নিৰ্মাণ কৰাৰ কামত অগ্ৰসৰ হৈছিল।ৰমেশ পাটোৱাৰী তাৰেই চানেকি।তেতিয়াৰ সমাজখন এখন বান্ধোনৰ সমাজ আছিল।নামঘৰ সমূহ সমাজৰ বান্ধোনৰ মঞ্চ। তাৎপৰ্যপূৰ্ণ ভাৱে এতিয়া নামঘৰ সমূহত সেই প্ৰানচঞ্চলতা নাই।সমাজখন আছি ঐক্যবদ্ধ। প্ৰয়াত ৰমেশ পাটোৱাৰী যদিও আৰ্থিকভাৱে দুৰ্বলশ্ৰেনীৰ পৰিয়ালৰ লোক আছিল তথাপি পৰিয়ালৰ একাংশ উচ্চ চিন্তাধাৰাৰ মানুহৰ বাবে সেইটো ফুটি উঠা নাছিল।"
তেওঁ পাটোৱাৰীৰ নিচিনা সমাজ হিতকৰ মানুহৰ আদৰ্শ নতুন পুৰুষে গ্ৰহণ কৰাৰো আহ্বান জনায়। উল্লেখ্য যে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি "নিয়মীয়া বাৰ্তা"ৰ সম্পাদক নৰেশ কলিতাই কয় "মোৰ দেউতা কৃষক আছিল। মোৰ দেউতাই কাকত ভালকৈ পঢ়িছিল। সাধাৰণ মানুহক আকৰ্ষণ কৰিব নোৱাৰিলে কাকত চলোৱাটো সহজসাধ্য নহয়। সেয়ে সাধাৰণ শ্ৰেণীৰ লোকক সহজ সৰল আৰু পৰিশীলিত ভাষাত আকৰ্ষণীয়কৈ সজাব পাৰিব লাগিব।"
তেওঁ কয় যে যিকোনো কামতেই লক্ষ্য আৰু উদ্যেশ্য লাগিব। সমাজখনক শক্তিশালীৰূপত আগবঢ়ায় নিবলৈ হ'লে ৰমেশ চন্দ্ৰ পাটোৱাৰীৰ দৰে ৰূপান্তৰৰ সাধকৰ জন্ম হ'ব লাগিব।
অনুষ্ঠানত জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই সমাজ সংগঠকগৰাকীৰ জীৱন কীৰ্তি আলোকপাত কৰি কয় জীৱনৰ আদৰ্শবাদৰ ভেটি স্থাপন হয় সজ কৰ্মত । কৰ্মৰ চানেকিৰে মানুহ মহীয়ান। ইয়াৰ বাবে মানুহে আত্ম চৈতন্যৰ আহ্বান শুনি জোনাকী পথেৰে অগ্ৰসৰ হ'ব লাগে। ৰমেশ চন্দ্ৰ পাটোৱাৰী এজন সংবেদনশীল পিতৃ কিয়নো তেওঁ অগণিত বিদ্যাৰ্থীৰো পিতৃতুল্য আছিল ।
অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফনীধৰ ডেকা, অসম চৰকাৰৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ অধীক্ষক নিৰঞ্জন কলিতা, সমাজকৰ্মী যতীন্দ্ৰ নাথ শৰ্মা দলৈ,হৰমোহন ডেকা, দক্ষ বৰ্মন, বিশিষ্ট অধিবক্তা লিয়াকৎ হুছেইন, শিক্ষাবিদ ড০ উমাকান্ত পাটোৱাৰী, সহধৰ্মিনী গোলাপী পাটোৱাৰী, শিক্ষা বিষয়া মইনুলহক চৌধুৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট তথা গুনমুগ্ধই প্ৰয়াত পাটোৱাৰীৰ বৰ্নিল জীৱনৰ আলোকপাত কৰি সমাজখনত পাটোৱাৰীৰ সমাজ জীৱনত দি থৈ যোৱা অৱদানৰ স্মৰণ কৰে।
উল্লেখ্য যে অনুষ্ঠানত ৰাতিপুৱা ফনীধৰ কলিতাই ভাগৱত পাঠ কৰে। স্মৃতিসৌধত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমাজকৰ্মী থানেশ্বৰ গোস্বামীয়ে মুখ্য বন্তি প্ৰজ্বলন কৰাৰ পিছত সহধৰ্মিনী গোলাপী পাটোৱাৰী, দুই পুত্ৰ উদ্দীপন পাটোৱাৰী, পোলেন পাটোৱাৰীসহ পৰিয়াল আৰু বিশিষ্ট ব্যাক্তি সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2486fe92-56b5-411e-ba8e-5db64e1ad004/a27b5d31_9c1c_4d5a_babb_3fcc78043ad0.jpg)
আৰু পঢ়কঃ জামুগুৰিহাটৰ ৰঙাচকুৱাত গোৰ্খা লোক- নৃত্য কৰ্মশালাৰ শুভ উদ্বোধন