জামুগুৰিহাটৰ ৰঙাচকুৱাত গোৰ্খা লোক- নৃত্য কৰ্মশালাৰ শুভ উদ্বোধন

জামুগুৰিহাটৰ ৰঙাচকুৱাত গোৰ্খা লোক- নৃত্য কৰ্মশালাৰ শুভ উদ্বোধন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বৃহত্তৰ ৰঙাচকুৱাত ১০ দিনিয়া কাৰ্য্যসূচীৰে আয়োজিত এখনি গোৰ্খা লোক নৃত্য কৰ্মশালাৰ বুধবাৰে বিয়লি শুভ উদ্ধোধন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই ৷

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পৰামৰ্শ অনুযায়ী কৰ্মশালাত অংশগ্ৰহণ কৰা আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকীয়ে উদ্বোধনী ভাষণত কয় "গোৰ্খা সমাজৰ পৰা হেৰাই যাব ধৰা লোক নৃত্যসমূহ শুদ্ধ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰাৰ লক্ষ্যৰে আমি এই কৰ্মশালাৰ আয়োজন কৰিছোঁ ৷ এই কৰ্মশালাৰ জৰিয়তে গোৰ্খা লোক সংস্কৃতিৰ বিকাশ হোৱাটো নিশ্চিত ৷'

গোৰ্খা লোক সংস্কৃতিৰ সাধক তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ উপৰিও প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰাপক বিনোদ খনালৰ তত্বাবধানত আৰু মূঢ়াদল গোৰ্খা লোক সংস্কৃতি উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালাত অঞ্চলটোৰ শতাধিক কিশোৰ কিশোৰী, যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে । কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ, জ্যেষ্ঠ সমাজকৰ্মী ধনপতি কাফলে, বিষ্ণু দাহাল, শিক্ষক শান্তানু গৌতম, সভাপতি জিৎ বাহাদুৰ নেৱাৰ, সম্পাদক নিলকমল নেৱাৰ আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।

উক্ত কৰ্মশালাত অংশগ্ৰহণৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে 9854565991 / 8472849644 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in