বাহাৰঘাটত শিক্ষাব্ৰতী প্ৰবীন চন্দ্ৰ শইকীয়াৰ স্মাৰক গ্ৰন্থ "প্ৰাজ্ঞ প্ৰবীন" উন্মোচন

"নতুন প্ৰজন্ম সাহিত্য ক্ষেত্ৰলৈ আগ্ৰহী হব লাগিব "-ড°সূৰ্যকান্ত হাজৰিকা
বাহাৰঘাটত শিক্ষাব্ৰতী প্ৰবীন চন্দ্ৰ শইকীয়াৰ স্মাৰক গ্ৰন্থ "প্ৰাজ্ঞ প্ৰবীন" উন্মোচন

ডিজিটেল সংবাদ, নলবাৰী : "গ্ৰন্থৰ জৰিয়তে নৱপ্ৰজন্মক জ্ঞান দিব পাৰি । গ্ৰন্থই মানুহক যি জ্ঞান দিয়ে ই অমৰ হৈ থাকে । গ্ৰন্থ অধ্যয়নৰ প্ৰতি নতুন প্ৰজন্ম আগ্ৰহী হব লাগিব । "- এই মন্তব্য ড° সূৰ্যকান্ত হাজৰিকাৰ । নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভা-চতমা আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত আজি সাংসদ দিলীপ শইকীয়াৰ পিতৃ, বিশিষ্ট শিক্ষাব্ৰতী, সমাজ হিতৈষী প্ৰবীন চন্দ্ৰ শইকীয়া স্মাৰক গ্ৰন্থ উন্মোচনী সভাত "প্ৰাজ্ঞ প্ৰবীন" গ্ৰন্থখন উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি ড° হাজৰিকাই কয় গ্ৰন্থ ভগৱানৰ স্বৰূপ ।

অসম সাহিত্য সভাই জাতীয় জীৱনৰ কাম কৰি আহিছে বুলি উল্লেখ কৰি সভাপতি ড° হাজৰিকাই কয় অসম সাহিত্য সভাৰ এটি সংগ্ৰাহালয়ৰ প্ৰয়োজন আছে । পূৰ্ণকামদেৱ ( মোমাইতোলা ) দৌল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা স্মাৰক গ্ৰন্থ উন্মোচনী সভাখনৰ সভাপতিত্ব কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই উদ্দেশ্য বাখ্যা আৰু গিৰীন্দ্ৰ দেৱ শৰ্মাই সহযোগ কৰা সভাৰ আৰম্ভণিতে আদৰনি ভাষণ দিয়ে প্ৰবীন চন্দ্ৰ শইকীয়াৰ সু-যোগ্য পুত্ৰ তথা সাংসদ দিলীপ শইকীয়াই ।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে কয় "গ্ৰন্থৰ মাজত ভগৱান সীমাবদ্ধ হৈ থাকে । গ্ৰন্থৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সমন্বিতে সকলো জ্ঞান প্ৰাপ্তি লাভ কৰে ।" সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতা, বিশিষ্ট চিকিৎসক ডা উমেশ চক্ৰৱৰ্ত্তীয়ে স্মৃতিচাৰণ কৰি ভাষণ দিয়ে ।

মঞ্চ শুৱনি কৰে বিশিষ্ট সাহিত্যিক ডাঃ ভূপেশ চন্দ্ৰ শৰ্মা, ডঃ সুশান্ত কুমাৰ কাশ্যপ আৰু ট্ৰেড চেন্টাৰৰ উপাধ্যক্ষ মধু ডেকাই । সভাৰ আৰম্ভনিতে আবেলি ২-৩০ বজাত বন্তি প্ৰজ্বলন কৰে ক্ৰমে আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি হীৰেন গোস্বামী , বিশিষ্ট সমাজসেৱক নীলকান্ত শইকীয়া আৰু বিশিষ্ট শিক্ষাব্ৰতী নিৰঞ্জন ডেকাই বন্তি প্ৰজ্বলন কৰে। শেষত অসম সংগীত পৰিবেশনৰে সভা সামৰণি পৰে ।

বাহাৰঘাটত শিক্ষাব্ৰতী প্ৰবীন চন্দ্ৰ শইকীয়াৰ স্মাৰক গ্ৰন্থ "প্ৰাজ্ঞ প্ৰবীন" উন্মোচন
ঢকুৱাখনাত জাতিগত প্ৰমাণপত্ৰৰ নামত প্ৰশাসনৰ ভেঙুচালি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in