শংকৰদেৱ একাডেমী নলবাৰীত গ্ৰন্থমেলা আৰম্ভ

শংকৰদেৱ একাডেমী নলবাৰীত গ্ৰন্থমেলা আৰম্ভ

author-image
Asomiya Pratidin
New Update
শংকৰদেৱ একাডেমী নলবাৰীত গ্ৰন্থমেলা আৰম্ভ

শংকৰদেৱ একাডেমী নলবাৰীত গ্ৰন্থমেলা আৰম্ভ

ডিজিটেল সংবাদ,নলবাৰী : গ্ৰন্থবোৰ প্ৰজ্ঞাৰ আকৰ। সেয়ে আমি বিচৰা গ্ৰন্থবোৰৰ জৰিয়তে লেখকৰ দীৰ্ঘ কালৰ সাধনাৰ ফল আমি অতি সহজতে লাভ কৰিব পাৰোঁ। জীৱন জীৱিকাৰ তাগিদাত মানুহ যি বৃত্তিতেই থাকক কিয় গ্ৰন্থই জীৱনৰ অৱসাদ,দুখ, বিষাদ আদি আঁতৰাই ৰাখি জীৱনক উজ্জীৱিত কৰি তোলে।

Advertisment

এই মন্তব্য নৰবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ। এখন আগশাৰীৰ শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমী নলবাৰীৰ ২৪ সংখ্যক বাৰ্ষিক উৎসৱ উপলক্ষে একাডেমিৰ চৌহদত আয়োজিত গ্ৰন্থমেলা এখন ২৭ নৱেম্বৰত উদ্বোধন কৰি দিয়া ভাষণত জিলা সাহিত্য সভাৰ সম্পাদকগৰাকীয়ে সকলো শিক্ষাৰ্থীক স্বকীয় প্ৰতিভাৰে উজলি দেশক নেতৃত্ব দিয়াৰ সময়তো গ্ৰন্থৰ অমৃত পান কৰি জীৱন সাৰ্থক কৰিবলৈ আহ্বান জনায়।

একাডেমিৰ শিক্ষক বিপুল শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত অধ্যক্ষ-বিশিষ্ট লেখক ডঃ বিনয় কুমাৰ মজুমদাৰ, সাহিত্যসেৱক পুলকেশ মিশ্ৰ প্ৰমুখ্যে সকলো শিক্ষক-শিক্ষাৰ্থীয়ে ভাগ লয়। গ্ৰন্থৰ বিপণীত শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষানুৰাগী বিশিষ্ট লোকসকলৰ ঔৎসুকতা বাৰুকৈয়ে দেখা যায়।

Also Read: কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিং উপস্থিত গেৰুকামুখ এনএইচপিচিত

Shankardev Academy Nalbari book fair