কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিং উপস্থিত গেৰুকামুখ এনএইচপিচিত

কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিং উপস্থিত গেৰুকামুখ এনএইচপিচিত

ডিজিটেল সংবাদ, ঢকুৱাখনা: উত্তৰ অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি ভয়ংকৰ ভাবুকি স্বৰূপ গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প প্ৰাঙ্গনত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰী ৰাজকুমাৰ সিং। শেহতীয়াকৈ বিধ্বস্ত হোৱা প্ৰকল্পৰ পুনৰ নিৰীক্ষন কৰিবৰ বাবে সোমবাৰে বিয়লি গেৰুকামুখত উপস্থিত হয় কেন্দ্ৰীয় শক্তি নৱীকৰণ মন্ত্ৰী ৰাজকুমাৰ সিং।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ আগমনত তৎপৰ এন এইচ পি চিৰ কৰ্তৃপক্ষই মন্ত্ৰী সিঙক উষ্ণ আদৰণি জনায় । প্ৰকল্পৰ অতিথিশালাত আশ্ৰিত মন্ত্ৰী গৰাকীযে মঙলবাৰে এন এইচ পি চি কৰ্তৃপক্ষৰ সৈতে শক্তি গৃহ , মূলবান্ধৰ লগতে খহি পৰা পাহাৰৰ ভগ্নাংশ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লব। মন্ত্ৰী সিং সোমবাৰে নিশা এন এইচ পি চিৰ অতিথি গৃহত নৈশ যাপন কৰি মঙলবাৰে প্ৰকল্প পৰিদৰ্শন কৰি পুনৰ দিল্লীলৈ উৰামাৰিব বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে যোৱা ২৭ অক্টোবৰত প্ৰকল্পটোৰ একমাত্ৰ কাৰ্যক্ষম হৈ থকা ১ নং ডাইভাৰশ্যনেল টানেলৰ সন্মুখৰ বৃহৎ অংশ ভূমিস্খলনৰ ফলত বন্ধ হৈ স্তব্ধ হৈ পৰিছিল। সোৱণশিৰীৰ বক্ষ তৰাং শুকান মৰুভূমি সদৃশ পৰিৱেশ সৃষ্টি হৈছিল । ফলত দুষ্প্ৰাপ্য জৈৱ বৈচিত্ৰ্যৰ প্ৰতি নামি আহিছিল প্ৰচণ্ড ভাবুকি। এনে জটিল পৰিস্থিতিৰ উদ্ভাৱনৰ পাছতেই সোমবাৰে নদীবান্ধটো পৰিদৰ্শন কৰিবলৈ আগমন ঘটে কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিংঙৰ।

কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিং উপস্থিত গেৰুকামুখ এনএইচপিচিত
ক'ত হেৰাল জলসিঞ্চন বিভাগত কৰ্মৰত প্ৰদীপ শইকীয়া ? চাৰিদিনে নাই সন্ধান, চিন্তিত পৰিয়াল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in