মুকালমুৱাত ক'লা দিৱস পালন : মোদী- অমিত শ্বাহৰ পুত্তলিকা দাহ...

মুকালমুৱাত ক'লা দিৱস পালন : মোদী- অমিত শ্বাহৰ পুত্তলিকা দাহ...

author-image
Asomiya Pratidin
New Update
মুকালমুৱাত ক'লা দিৱস পালন : মোদী- অমিত শ্বাহৰ পুত্তলিকা দাহ...

ডিজিটেল সংবাদ, দৌলাশাল: সংযুক্ত কৃষক মৰ্চাই আহ্বান জনোৱা দেশজোৰা ক'লা দিৱসৰ সমৰ্থনত নলবাৰী জিলাৰ মুকালমুৱাৰ বৰলিয়াপাৰত বৰক্ষেত্ৰী আঞ্চলিক কৃষক সভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্র টেনী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰি মঙলবাৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ ২০২১ চনৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰটেনীৰ পুত্ৰই গাড়ীৰে মহতিয়াই ৪গৰাকী কৃষক আৰু এগৰাকী সাংবাদিক হত্যাৰ প্ৰতিবাদত মঙলবাৰে দেশজোৰা ক'লা দিৱস পালন কৰে সংযুক্ত কৃষক মৰ্চাই৷

Advertisment

দেশজোৰা ক'লা দিৱসৰ অংশস্বৰূপে বৰক্ষেত্ৰী আঞ্চলিক কৃষক সভাই মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰলিয়াপাৰাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্র টেনী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদকাৰীসকলে "বিজেপি চৰকাৰ হায়-হায়", "অমিত শ্বাহ গ' বেক", "নৰেন্দ্ৰ মোডী হায়-হায়", "কৃষক হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক" ইত্যাদি ধ্বনিৰে বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে৷ কাৰ্যসূচীত বৰক্ষেত্ৰী কৃষক সভাৰ সম্পাদক ভূৱনেশ্বৰ বৰ্মন, উপ সভাপতিদ্বয় হবিবৰ আলী, আব্দুল গণি ওজা, নিৰ্মান শ্ৰমিক ইউনিয়ন নলবাৰী জিলা সমিতিৰ সদস্য জয়নাল আলী আহমেদ, নিৰ্মান শ্ৰমিকৰ জিলা সদস্য ইছমাইল আলী, এছ.এফ.আই নলবাৰী জিলা সমিতিৰ সম্পাদক গাজিউৰ ৰহমান চৌধুৰীকে ধৰি কুৰিগৰাকী প্ৰতিবাদকাৰী উপস্থিত থাকে ৷

Also Read: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে টেঙাখাত ব্লক কংগ্ৰেছৰ প্ৰতিবাদ

narendramodi