/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ebf445a5-61d3-4ec7-9e87-5ce82556b7d5/AP_FOR_WEB_biman.jpg)
ডিজিটেল ডেস্কঃ ক'ত হেৰাল বৰ্খাস্ত হোৱা অচি বিমান ৰয়? ৭২ ঘন্টা হৈ যোৱাৰ পাছতো এইগৰাকী পাষাণ আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী। বিমান ৰয়ৰ সন্ধান দিওতালৈ অসম আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে যদিও এই পৰ্যন্ত লম্পট আৰক্ষী বিষয়াগৰাকীৰ নাই কোনো সন্ধান।
উল্লেখ্যে যে, ২১ জুনত ঘগ্ৰাপাৰ থানাত এগৰাকী কিশোৰীক উলংগ কৰি ফটো তুলিছিল এইগৰাকী আৰক্ষী বিষয়াই। আৰক্ষী বিষয়াৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগৰ পাছত উত্তপ্ত হৈ পৰিছিল নলবাৰী। তাৰ পাছৰ পৰাই পলাতক অৱস্থাত আছে বিমান ৰয়।
ঘটনাৰ বিৱৰণী অনুসৰি উক্তদিনা বিমান ৰয়ে কিশোৰীগৰাকীক কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল। কেৱল ইমানেই নহয়, কিশোৰী গৰাকীৰ উলংগ অৱস্থাত ফটো, ভিডিঅ লৈ দিছিল অশ্লীল ইংগিত। ২৬ জুনৰ পাছত পোহৰলৈ আহিছিল ঘটনাৰ সৱিশেষ। তাৰ পাছত আৰক্ষী সঞ্চালক জি পি সিঙে বিষয়তো গুৰুত্ব সহকাৰে লৈ তদন্ত ঘোষণা কৰি বৰ্খাস্ত কৰিছিল বিমান ৰয়ক।
তাৰপাছতে বিমান ৰয়ক বিচাৰিয়ে আৰক্ষীয়ে বিভিন্ন স্থানত চলাইছিল অভিযান। কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে লাভ কৰা নাই কোনো তথ্য। বিমান ৰয়ৰ বিৰুদ্ধে পূৰ্বেও বহু দুৰ্নীতিৰ অভিযোগ আছে। এইগৰাকী আৰক্ষী বিষয়াই জেলৰ ভাত খাবলগীয়াও হৈছিল।
Also Read: প্ৰথমে ৮০ ঘন্টা, পাছত ৩১ মাহঃ তৃতীয় বাৰৰ বাবে উপ-মুখ্যমন্ত্ৰী হ'ল অজিত পাৱাৰ