/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a1cfb125-88b9-4001-aaef-19479d4b49fe/18.jpg)
ডিজিটেল সংবাদ, দৌলাশাল: দেওবাৰে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু তিথি ৷ সমগ্ৰ অসমীয়া জাতিয়ে এইগৰাকী বিশ্ববৰেণ্য শিল্পীক দেওবাৰৰ দিনটোত স্মৰণ কৰি তেখেতৰ সৃষ্টিৰাজি পুনৰ উজ্বীৱিত কৰি তোলাৰ সমান্তৰালকৈ দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক পৃথকে পৃথকে স্মৰণ কৰে বিৰিণা গোষ্ঠী, অসম আৰু দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/90c66b70-8a9a-4c0b-9aaf-239e27690b5c/4ed0297d_a7b9_400e_a4f6_1135e29762c2.jpg)
বিৰিণা গোষ্ঠী, অসমে দৌলাশাল হাইস্কুলত দৌলাশাল শংকৰদেৱ কলা নিকেতনৰ সহযোগত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে। বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তফিকুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে শংকৰদেৱ কলা নিকেতনৰ প্ৰশিক্ষক ৰোহিত দাসে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে যুৱ সমাজকৰ্মী জগদীশ বৰ্মনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8c4dd757-727a-4cdd-8373-409c1aa2edcf/8bfe72c0_2c62_45e0_aa17_49d5fe331edb.jpg)
সভাখনত শতাধিক কণ কণ শিশুই সুধাকণ্ঠৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে" পৰিৱেশন কৰি অনুষ্ঠানটো অনন্য কৰি তোলে । ইয়াৰ পাছতেই শংকৰদেৱ কলা নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন অনুষ্ঠান অনুষ্ঠিত হয়। স্মৃতিচাৰণ অনুষ্ঠানটোত গোষ্ঠীটোৰ সহকাৰী সম্পাদক জয়ন্ত ডেকা, সদস্যদ্বয় চানবৰ আলী, জেহেৰুল ইছলাম, শুভাকাংক্ষী মনোৰঞ্জন পাঠক, পৰিস্মিতা পাঠক, ডিম্পী পাঠককে ধৰি কেইবাগৰাকী অভিভাৱক-অভিভাৱিকা উপস্থিত থাকি হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a87c71e6-35bd-4d5f-895c-ca31b411e053/71770ff9_5ad8_4fb4_a250_0c9a9236a092.jpg)
আনহাতে, দৌলাশালৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ভাস্কৰ সামূহিক কেন্দ্ৰই অইন বেলিৰ দৰে এইবেলিও ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথিত যাযাবাৰী শিল্পী গৰাকীক স্মৰণ কৰে ৷ সমাজকৰ্মী বিজয় নাথে আঁত ধৰা অনুষ্ঠানটোত ভাস্কৰ সামূহিক কেন্দ্ৰৰ পতাকা উত্তোলন কৰে কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকে। বন্তি প্ৰজ্বলন কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মনে।
ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি তথা ভাস্কৰ সামূহিক কেন্দ্ৰৰ প্ৰাক্তন সভাপতি লীলাধৰ পাঠকে আৰু বিশিষ্ট সমাজসেৱক কিশোৰ কুমাৰ নাথে। সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে অৱসৰী প্ৰধান শিক্ষক অকণ চন্দ্ৰ চৌধুৰী আৰু দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক বাবুল বণিক্যই।
ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত কেইবাগৰাকীও বিশিষ্ট লোকে হাজৰিকাৰ জীৱন- দৰ্শন আৰু তেখেতৰ কালজয়ী গীত সম্পৰ্কত বক্তব্য প্ৰদান কৰে। কেন্দ্ৰৰ সম্পাদক নিকুঞ্জ নাথ, সহকাৰী সম্পাদক প্ৰণৱ দাসৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানত স্থানীয় পাঠক সনাতন বৰুৱাই স্থানীয় ভকতবৃন্দৰ সহযোগত ভাগৱত পাঠ কৰে। অনুষ্ঠানটোত অঞ্চলটোৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু জ্যেষ্ঠ নাগৰিকৰ লগতে কেন্দ্ৰৰ কেইবাগৰাকী সদস্য উপস্থিত থাকে।
Also Read: মাকুমত নৃশংস ঘটনা : মছজিদৰ ইমামক ডিঙি ৰেপি হত্যা দুৰ্বৃত্তৰ