টিহুৰ নান্নাট্টাৰীত উলহ-মালহেৰে ভঠেলি উৎসৱ সম্পন্ন

টিহুৰ নান্নাট্টাৰীত উলহ-মালহেৰে ভঠেলি উৎসৱ সম্পন্ন

ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী জিলাৰ টিহুৰ নান্নাট্টাৰীত থকা কামাখ্যা থানৰ চোতালত তিনিদিনীয়া উলহ-মালহ আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত লোক সংস্কৃতিৰ অন্যতম চহকী সম্পদ ১২৭ সংখ্যক ভঠেলি উৎসৱৰ ২০ এপ্রিলৰ নিশা হৰিধ্বনিৰ জৰিয়তে সামৰণি হয়। কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা সামূহিক চাফাই,দুপৰীয়া কুইজ আৰু আকস্মিক বক্তৃতা প্রতিযোগিতাৰ পাছত বিয়লি মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়।

১২৭ সংখ্যক নান্নাট্টাৰী ভঠেলি উৎসৱ উদযাপন সমিতিৰ সভাপতি হৰেন্দ্ৰ ভট্টৰ পৌৰোহিত্যত হোৱা মুকলি সভাত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ অৱসৰপ্ৰাপ্ত মুখ্য বাণিজ্যিক অধীক্ষক প্রমোদ চন্দ্র গোস্বামী,বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া নৰনাৰায়ণ গোস্বামী উপস্থিত থাকে। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক বিনোদ চক্ৰৱৰ্তী,অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ বৰ্মন,নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদনা সমিতিৰ সদস্য পংকজ বেজবৰুৱা আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি গুণজ্যোতি পাঠকে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ ভাষণ প্ৰদান কৰে।

ভঠেলি উৎসৱ উদযাপন সমিতিৰ উপ সভাপতি দীপক কলিতা,মুখ্য সম্পাদক শান্তনু কলিতা,সহকাৰী সম্পাদক হীৰক লহকৰ আৰু সমীৰণ কলিতাৰ বিশেষ বিশেষ ব্যৱস্থাপনাৰে হোৱা তথা বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শৰ্মা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক হেমন্ত কুমাৰ শীলেও ভাগ লোৱা এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ভঠেলি উৎসৱ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক কিশোৰ দাসে। সভাত উৎসৱ উপলক্ষে আয়োজিত বিভিন্ন খেল আৰু সুকুমাৰ কলা প্ৰতিযোগিতাৰ পুৰস্কাৰবোৰো প্ৰদান কৰা হয়।

নিশা ভ্রাম্যমাণ নাট্যদল যুগান্তৰৰ দ্বাৰা 'লগন উকলি গ'ল' শীর্ষক নাট্যাভিনয় প্ৰদৰ্শন শেষ হোৱাৰ পাছত ৰাইজৰ মংগলাৰ্থে হৰিধ্বনিৰে ভঠেলি উৎসৱ সামৰা হয়। ইফালে,১৮ এপ্রিলত এই উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ভঠেলি উৎসৱৰ পতাকা উত্তোলন কৰি উৎসৱৰ শুভাৰম্ভ কৰে ভঠেলি উৎসৱ উদযাপন সমিতিৰ সভাপতি হৰেন্দ্ৰ ভট্টই। ইয়াৰ লগে লগে টিহু পৌৰসভাৰ ৫ নম্বৰ ৱাৰ্ডৰ কমিচনাৰ জিন্তী বেজবৰুৱাই শান্তিৰ পতাকা আৰু প্ৰাক্তন ৰাজ্যিক খেলুৱৈ মণ্টু কলিতাই খেলৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে শ্বহীদ বেদীত বন্তি জ্বলাই অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰবীন্দ্ৰনাথ শৰ্মা আৰু মাল্যার্পণ কৰে উদযাপন সমিতিৰ উপ সভাপতি দীপক কলিতাই। গছপুলি ৰোপণ কৰে বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শৰ্মাই।

ইয়াৰ পাছত ক্ৰমে মণিৰাম কলিতা সোঁৱৰণী খেল প্রতিযোগিতা,মহেশ শৰ্মা সোঁৱৰণী ভেশছন প্রতিযোগিতা,টুটুমণি তালুকদাৰ সোঁৱৰণী মঞ্চ উদ্বোধন আদি ৰূপায়ণ কৰা হয়। সন্ধিয়া টিহুৰ মিলিজুলি জেং বিহুদলৰ বিহু প্ৰদৰ্শন,অসমীয়া গীতৰ আধাৰত একক নৃত্য প্রতিযোগিতা হয়। ১৯ এপ্রিলত পুৱা ভঠেলি স্থাপন, কামাখ্যা থান সজোৱা পৰ্বৰ পাছত ধীৰনাথ বর্মন আৰু উর্মিলা বর্মন সোঁৱৰণী সাহিত্য প্রতিযোগিতা,বিয়লি পাউৰা লৈ শোভাযাত্রা,শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰু স্থানীয় পাঠকৰ দ্বাৰা নাম পৰিৱেশন কৰোৱা হয়। আবেলি ভঠেলি উদ্বোধন কৰে নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশীয়ে।সন্ধিয়া চামতীয়াপাৰাৰ যুৱকসকলে ভঠেলি ভঙা অনুষ্ঠান সম্পন্ন কৰে। নিশা নিশামণি হালৈয়ে নাগাৰা নাম পৰিৱেশন কৰে।

টিহুৰ নান্নাট্টাৰীত উলহ-মালহেৰে ভঠেলি উৎসৱ সম্পন্ন
কংগ্ৰেছৰ দোকানত কেৱল ভয়, ভোক, আৰু দুৰ্নীতি বিক্ৰী হয়ঃ মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in