চাকৰিমুখী নহৈ স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে উচ্চ শিক্ষিত ভৰতে

চাকৰিমুখী নহৈ স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে উচ্চ শিক্ষিত ভৰতে

ডিজিটেল ডেস্ক : উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো চাকৰিৰ প্ৰতি আগ্ৰহ নাই যুৱকজনৰ। সৰুৰ পৰাই নিজে কিবা এটা কৰাৰ লগতে আনকো এমুঠি অন্নৰ ব্যৱস্থা কৰি দিয়াৰ অদম্য হেঁপাহ যুৱকজনৰ। তেওঁ হৈছে সাহপুৰ গাঁৱৰ ভৰত দাস।

বন ভাগ খাতা দিহজাৰী হাইস্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে নলবাৰী মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। নলবাৰী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষাৰে শিক্ষিত হৈ তেওঁ ঘগ্ৰাপাৰত খুলিলে এখন ব্যৱসায়িক খাদ্য প্ৰতিষ্ঠান। মুখত এমোকোৰা হাঁহিৰে প্ৰতিটো খাদ্যবস্তু গ্ৰাহকলৈ আগবঢ়াই দিয়ে ভৰতে।

তেওঁৰ এই প্ৰতিষ্ঠানখনত অসমীয়া,দক্ষিণ ভাৰতীয় খাদ্যৰ লগতে চাওমিন,ৰোল,বিৰিয়ানি আদি খাদ্য উপলৱ্ধ। ৰান্ধি ভালপোৱা ভৰতে নিজেই এইসমূহ খাদ্যবস্তু প্ৰস্তুত কৰি হাঁহিমুখে গ্ৰাহকক যোগান ধৰে।

সেয়ে আনকৈ তেওঁৰ তাত সন্ধিয়া গ্ৰাহকৰ যথেষ্ট ভিৰ হয় বুলি জনায়। তেওঁৰ এইসমূহ কামত সহায়ক হিচাপে ঘৰৰ ওচৰৰে প্ৰায় ৬-৭ জন যুৱকক নিয়োগ কৰিছে। আজৰি সময়ত খেতিয়ক পিতৃয়ে ভৰতক সহায়-সহযোগিতা আগবঢ়ায়। নিজে স্বাৱলম্বী হোৱাৰ উপৰি আনকো কৰ্মসংস্থাপন দিয়া ভৰতৰ এই পদক্ষেপক স্থানীয় ৰাইজে প্ৰসংশা কৰিছে।

'ব্যৱসায়ত লাভ-লোকচান থাকিবই। যেনেকৈ ঈশ্বৰে সুখ-দুখৰ সমাহাৰেৰে মানুহৰ সৃষ্টি কৰিছে। তাকেলৈ কেতিয়াও হতাশ হোৱাৰ প্ৰয়োজন নাই। ভাল দিন-বেয়া দিন জীৱনত থাকেই।' এয়া হৈছে উদীয়মান ব্যৱসায়ী ভৰতৰ মন্তব্য।

উল্লেখ্য যে,বিভিন্ন সামাজিক কৰ্মৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো ভৰত জড়িত। তেওঁ ভাল কৰ্মৰ দ্বাৰা উঠি অহা প্ৰজন্মক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে অনুৰোধ জনায়।

চাকৰিমুখী নহৈ স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে উচ্চ শিক্ষিত ভৰতে
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিল চিত্ৰশিল্পী দাদুল চলিহা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in