ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিল চিত্ৰশিল্পী দাদুল চলিহা

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিল চিত্ৰশিল্পী দাদুল চলিহা

ডিজিটেল ডেস্ক : ভাল খবৰ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিল অসমৰ চিত্ৰশিল্পী। ভাৰতবৰ্ষৰ বহুতো শিল্পীৰ ৪২২ টা শিল্পকৰ্মৰ মাজৰ পৰা অসমৰ চিত্ৰশিল্পী দাদুল চলিহাৰ শিল্পকৰ্মটি শ্ৰেষ্ঠ হিচাপে বিবেচিত হয় ।

তেওঁৰ দ্বাৰা সৃষ্ট Logo এটি এতিয়াৰে পৰা গোলাঘাটত স্থাপন হোৱা নৱনিৰ্মিত সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এক পৰিচয় হ'ব। দেওবাৰে এক বিশেষ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী, বিধায়ক আৰু বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা চলিহাক এখন চেলেং চাদৰ, গামোচা, মানপত্ৰ আৰু এখন শৰাইৰে সন্মানিত কৰা হয়। শিল্পী চলিহাই ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিল চিত্ৰশিল্পী দাদুল চলিহা
আজি কাব্যঋষি নীলমণি ফুকনৰ ৯১ সংখ্যক জন্মদিন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in