৪ সপ্তাহ ধৰি মূৰৰ বিষঃ মস্তিষ্কৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন সদগুৰুৰ

৪ সপ্তাহ ধৰি মূৰৰ বিষঃ মস্তিষ্কৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন সদগুৰুৰ

ডিজিটেল ডেস্কঃ এক জটিল অস্ত্ৰোপচাৰৰ পাছত জীৱন ৰক্ষা পৰিল 'ইছা ফাউণ্ডেশ্যন'ৰ মুৰব্বী সদগুৰু জাগ্গী বাসুদেৱৰ।  দিল্লীৰ এখন চিকিৎসালয়ত সদগুৰুৰ মস্তিষ্কৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয়।  এই অস্ত্ৰোপচাৰ সময়মতে নহ'লে সদগুৰুৰৰ জীৱনলৈ ভাবুকি আহিলহেতেন।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে সদগুৰু প্ৰায় ৪ সপ্তাহ ধৰি মূৰৰ বিষত ভুগি আছিল। যেতিয়া চিকিৎসকৰ পৰামৰ্শ লয় তেতিয়া গ'ম পাই যে সদগুৰুৰ মগজু ভিতৰৰ ফালে ফুলি আছিল আৰু অত্যাধিক ৰক্তক্ষৰণ হৈছিল।

দিল্লীৰ এপোলো চিকিৎসালয়ৰ জ্যেষ্ঠ নিউৰোলজিষ্ট ডাঃ বিনীত চুৰীয়ে কয় যে সদগুৰুৰ জীৱন অতি সংকটত আছিল। চিটি স্কেনত ৰক্তক্ষৰণৰ লগতে তেওঁৰ মগজু ফুলা দেখা গৈছিল।

তেওঁ কয় যে, হাস্পাতাললৈ অনাৰ সময়ত তেওঁৰ অৱস্থা একেবাৰেই বেয়া আছিল। তেওঁ ৪ সপ্তাহ ধৰি মূৰৰ বিষত ভুগি আছিল। কিন্তু ১৫ মাৰ্চত মূৰৰ বিষ অত্যন্ত বৃদ্ধি পোৱাত চিকিৎসকৰ পৰামৰ্শ লয়।

১৭ মাৰ্চত স্বাস্থ্যৰ অধিত অৱনতি হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে। সেই সময়ত তেওঁৰ বমি আৰু অত্যন্ত মূৰৰ বিষ হৈছিল। অৱশেষত চিকিৎসকৰ এটা দলে অস্ত্ৰপ্ৰচাৰ কৰে। চিকিৎসকে জানিবলৈ দিয়া মতে বৰ্তমান সুস্থ অৱস্থাত আছে সদগুৰু।

৪ সপ্তাহ ধৰি মূৰৰ বিষঃ মস্তিষ্কৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন সদগুৰুৰ
আপুনি চিনি পাইনে চাতি-মাতি বাইক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in