বৰজাৰ শাখা সাহিত্য সভাৰ সাধাৰণ সভাত নতুন সমিতি গঠন

বৰজাৰ শাখা সাহিত্য সভাৰ সাধাৰণ সভাত নতুন সমিতি গঠন

ডিজিটেল সংবাদ, নলবাৰী : ‘‘সাহিত্য সভাত গামোচা বা ফুলৰ মালা পিন্ধিবলৈ বুলি পদ ল’লে নহয়। অসম সাহিত্য সভা অতি পৱিত্ৰ জাতীয় সাহিত্যৰ অনুষ্ঠান। ইয়াত সেৱা আৰু ত্যাগৰ মনোভাবেৰে কাম কৰিলে ৰাইজে সময়মতে গামোচা আৰু ফুলৰ মালা পিন্ধাব।

অসমীৰ চিৰ নমস্য যিসকল সন্তানে জাতীয় চেতনা, ত্যাগ আৰু কষ্টেৰে অসম সাহিত্য সভা গঠন কৰিছিল সেইসকলৰ চিন্তা-আদৰ্শক সাৰোগত কৰি আমি আগুৱাই গ’লে আমাৰ জাতিটোৰ কেতিয়াও বিপদ নহয়''- ১৪ এপ্ৰিলত বৰজাৰ শাখা সাহিত্য সভাৰ সাধাৰণ সভা এখনত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য আগবঢ়ায় নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই।

নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত বৰজাৰ শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিখন নতুনকৈ গঠন কৰা হয়। এই উদ্দেশ্যে সিদিনা বৰজাৰ হাইস্কুলত অঞ্চলটোৰ বহু সংখ্যক সাহিত্যানুৰাগী লোকৰ উপস্থিতিত শাখাখনৰ সভাপতি ধীৰেন চন্দ্ৰ হালৈৰ সভাপতিত্বত সাধাৰণ সভা এখন সম্পন্ন হয়।

সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ অসম সাহিত্য সভাৰ প্ৰকাশন উপ সমিতিৰ আহ্বায়ক গোবিন্দ কলিতাই অসম সাহিত্য সভাৰ বিভিন্ন দিশৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। বৰমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সুনীল কুমাৰ শর্মায়ো বিশিষ্ট অতিথি হিচাপে ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে। শাখাখনৰ সম্পাদক ৰমেন কলিতাই সভা আয়োজন উদ্দেশ্য ব্যাখ্যা কৰে।

সভাত লক্ষী কলিতাক সভাপতি, দিলীপ কুমাৰ হালৈক উপ সভাপতি, ৰমেন কলিতাক সম্পাদক, বিশাল কলিতাক সহকাৰী সম্পাদক, মাধৱ কলিতাক পত্রিকা সম্পাদক, ধ্ৰুৱজ্যোতি হালৈক কোষাধ্যক্ষ, জিতু কলিতা, উদয় চন্দ্র কলিতা, ভূপেন চন্দ্র কলিতা, প্রভাত হালৈ, ৰমেশ হালৈ, ধীৰাজ কলিতা আৰু পৱিত্ৰ হালৈক কার্যনির্বাহক সদস্য; ডাঃ দিনো ঠাকুৰীয়া, জয় চৰণ কলিতা, উমেশ কলিতা, বসন্ত কলিতা, কণিকা তালুকদাৰক মনোনীত সদস্য আকৌ ডঃ সুনীল কুমাৰ শর্মা, সত্যনাথ কলিতা, ধীৰেন চন্দ্ৰ হালৈ, যোগেন হালৈ, সোণেশ্বৰ ডেকাক আমন্ত্ৰিত সদস্য হিচাপে মনোনীত কৰা হয়।

সভাৰ আদিতে পুৱা বৰজাৰ শাখা সাহিত্য সভাৰ সভাপতি ধীৰেন চন্দ্ৰ হালৈয়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। বৰজাৰ হাইস্কুলৰ প্ৰধান শিক্ষক সত্যনাথ কলিতাই বন্তি জ্বলায় আৰু স্মৃতি তৰ্পণ কৰে বৰজাৰ ব’হাগী উৎসৱ স্থায়ী সমিতিৰ সভাপতি দিলীপ কুমাৰ হালৈয়ে। ইয়াৰ পাছতে অসম সাহিত্য সভাই পালন কৰা ‘নিজৰ দিন’ উপলক্ষে নাট্য কলা-কুশলী তৰুণ কলিতা, অৰবিন্দ কলিতা, কুলেশ হালৈ, লোকগীতৰ শিল্পী মাধৱ হালৈ আৰু আত্মনিৰ্ভৰশীল মহিলা কণিকা তালুকদাৰক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰতিগৰাকীয়ে স্মৃতিকাতৰেৰে ভাষণ প্ৰদান কৰে। অসম সংগীত পৰিৱেশনেৰে সভা সামৰা হয়।

বৰজাৰ শাখা সাহিত্য সভাৰ সাধাৰণ সভাত নতুন সমিতি গঠন
বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত কেইবা শতাধিক কংগ্ৰেছী নেতা-কৰ্মীৰ বিজেপিত যোগদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in