বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত কেইবা শতাধিক কংগ্ৰেছী নেতা-কৰ্মীৰ বিজেপিত যোগদান

বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত কেইবা শতাধিক কংগ্ৰেছী নেতা-কৰ্মীৰ বিজেপিত যোগদান

author-image
Asomiya Pratidin
New Update
বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত কেইবা শতাধিক কংগ্ৰেছী নেতা-কৰ্মীৰ বিজেপিত যোগদান

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ন-দুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাচমাইলত অনুষ্ঠিত বিজেপিৰ সংখ্যালঘূ মহিলা সমাৰোহত কেইবা শতাধিক সংখ্যালঘূ কংগ্ৰেছী নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ দেওবাৰে বিয়লি এনেদৰে সংখ্যালঘূ ৰাইজে বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ পদুম ফুলৰ প্ৰতীক সম্বলিত টুপি গামোচা পিন্ধে।

Advertisment

ইয়াকে দেখি অভিভূত হৈ পৰা বিধায়ক পদ্ম হাজৰিকাই যোগদানকাৰী সকলক আদৰণি জনাই কয় যে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সংখ্যালঘূ ৰাইজক প্ৰৱঞ্চনা কৰি কেৱল ভোট বেংক হিচাবেই ব্যৱহাৰ কৰিছিল। যাৰ বাবে আজি এনেদৰেই সংখ্যালঘূ ৰাইজে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হৈছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনতহে সংখ্যালঘূ ৰাইজে উন্নয়নৰ মুখ দেখিবলৈ পাইছে ৷ চৰকাৰী আঁচনিৰ বিভিন্ন সুবিধাও লাভ কৰিছে৷ এসময়ত যদিও ৫মাইল অঞ্চলটো কংগ্ৰেছৰ দূৰ্গ আছিল কিন্তু এতিয়া এই পাঁচমাইল অঞ্চল বিজেপিৰহে দূৰ্গত পৰিনত হ'ল৷

তেওঁ লগতে কয়, সংখ্যলঘূ ৰাইজে এতিয়া এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বাসত লৈছে । আমাৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰিবলৈ লৈছে৷ আজিৰ এই মহিলা সমাৰোহত পাচ সহশ্ৰাধিক সংখ্যালঘূ মহিলাৰ উপস্থিতিয়ে ইয়াকেই প্ৰমান কৰিছে ৷

Also Read: পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকেঃ পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰি পিতৃৰ চৰম পন্থা

bjp congress