বৰক্ষেত্ৰীত জিলা প্ৰশাসনৰ অন্ন সেৱা সপ্তাহ সন্দৰ্ভত সজাগতা সভা

বৰক্ষেত্ৰীত জিলা প্ৰশাসনৰ অন্ন সেৱা সপ্তাহ সন্দৰ্ভত সজাগতা সভা

author-image
Asomiya Pratidin
New Update
বৰক্ষেত্ৰীত জিলা প্ৰশাসনৰ অন্ন সেৱা সপ্তাহ সন্দৰ্ভত সজাগতা সভা

ডিজিটেল সংবাদ, দৌলাশাল: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লাৰকুছিত শনিবাৰে জিলা প্ৰশাসনে অন্ন সেৱা সপ্তাহৰ এখন সজাগতা সভা অনুষ্ঠিত কৰে৷ খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ উদ্দেশ্যে অসম চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীসকলক প্রতি মাহৰ ১০ তাৰিখৰ পৰা ১৬ তাৰিখৰ ভিতৰত খাদ্য সামগ্ৰী বিতৰণৰ অন্যতম জনমুখী প্ৰয়াস অন্ন সেৱা সপ্তাহ সফল কৰি তোলাৰ লক্ষ্যৰে নলবাৰী জিলা প্ৰশাসনে জিলাখনতো ব্যাপক সজাগতা আৰম্ভ কৰিছে ৷

Advertisment

শনিবাৰে নলবাৰী জিলা প্ৰশাসন আৰু খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত পশ্চিম বৰক্ষেত্ৰী সমবায় সমিতিৰ অন্তৰ্গত দৌলাশাল লাৰকুছি গাঁও পঞ্চায়তৰ সভাগৃহত অন্ন সেৱা সপ্তাহ সম্পৰ্কীয় এখনি সজাগতা সভা অনুষ্ঠিত কৰে। অঞ্চলটোৰ গাঁও পঞ্চায়তৰ সভাপতি, সচিব, জন -প্ৰতিনিধি আৰু বহুমুখী সমবায় সমিতিৰ সম্পাদক, সুলভ মূল্যৰ দোকানীকে ধৰি অঞ্চলটোৰ শতাধিক লোক সভাখনত উপস্থিত থাকে। সভাখনত নলবাৰীৰ সদৰ মহকুমাধিপতি নিতিশা বৰাই অন্ন সেৱা সপ্তাহৰ তাৎপৰ্য ব্যাখ্যা কৰি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সমবায় সমিতি আৰু দোকানীসকলে মানি চলিবলগীয়া নীতি- নিৰ্দেশনাৰ ওপৰত বিশদ ব্যাখ্যা আগবঢ়ায়।

তেখেতে সমবায় সমিতিসমূহে প্ৰতি মাহৰ ৯ তাৰিখৰ ভিতৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আৱন্টিত চাউল দোকানীসকলৰ মাজত বিতৰণ কৰাৰ সমান্তৰালভাৱে দোকানীসকলেও প্ৰতি মাহৰ ১০ তাৰিখৰ পৰা ১৬ তাৰিখৰ ভিতৰত বিতৰণ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায় আৰু ৰাইজৰ মাজত অন্ন সেৱা সপ্তাহৰ ব্যাপক সজাগতা সৃষ্টিৰ বাবেও সকলোকে আহ্বান জনায়।

সভাৰ আৰম্ভণিতে পশ্চিম বৰক্ষেত্ৰী সমবায় সমিতিৰ সম্পাদক চহিদ আলীয়ে উপস্থিত সকলোকে সাদৰ সম্ভাষণ জনাই অন্ন সেৱা সপ্তাহ সফল কৰিবলৈ আহ্বান জনায়। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক মনহৰি বায়নে চৰকাৰৰ নিৰ্দেশাৱলীৰ ওপৰত ব্যাখ্যা আগবঢ়াই এই নিৰ্দেশাৱলী মানি চলিবলৈ সকলোকে আহ্বান জনায় আৰু উপস্থিত ৰাইজৰ সৈতে মত- বিনিময় কৰে।

বিভাগটোৰ ভাৰপ্ৰাপ্ত উপ- সঞ্চালক কেশৱ চন্দ্ৰ দাসে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত  উক্ত পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলামে বিতৰণ ব্যৱস্থাৰ সৈতে জৰিত সকলোকে সহযোগিতা আগবঢ়াই অন্ন সেৱা সপ্তাহ সফল কৰি তোলাৰ  ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উক্ত ব্যবস্থা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰৰ মাইকযোগে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । সভাত উপ পৰিদৰ্শক মীনাক্ষী দাস আৰু ভালেকেইজন বিষয়া- কৰ্মচাৰী উপস্থিত থাকে।

Also Read: ভুৱা একাউণ্ট খুলি চৰকাৰী পুঁজি লুটিছে পঞ্চায়তৰ সভাপতি-সচিবে

অন্ন সেৱা সপ্তাহ