ভুৱা একাউণ্ট খুলি চৰকাৰী পুঁজি লুটিছে পঞ্চায়তৰ সভাপতি-সচিবে

ভুৱা একাউণ্ট খুলি চৰকাৰী পুঁজি লুটিছে পঞ্চায়তৰ সভাপতি-সচিবে

ডিজিটেল সংবাদ,ঢকুৱাখনা : গ্ৰাম্য দৰিদ্ৰ ৰাইজৰ সৰ্বাংগীন উন্নয়ন আৰু আৰ্থিক স্বচ্ছলতাৰ বাবে চৰকাৰ প্ৰদত্ত বহু আঁচনি এতিয়া এচাম অৰ্থলোভীৰ বক্ৰপথেৰে ধন আহৰণৰ প্ৰধান আহিলা স্বৰূপ হৈ পৰিছে। নীতি অনীতি বাচ বিচাৰ নকৰি চৰকাৰী আঁচনি মাত্ৰেই নিজস্ব সম্পত্তি গণ্য কৰি সীমাহীন দুৰ্নীতি অনিয়ম সংঘটিত কৰি অহা এই পঞ্চায়তখন হৈছে সোনাৰী চাপৰি পঞ্চায়ত। ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত এই পঞ্চায়তখনৰ সভাপতি মনজিৎ সোণোৱাল আৰু সচিব দীপক কমানৰ বিৰুদ্ধে পুনৰ চৰকাৰী পুঁজি অপচয় আৰু ভুৱা, জালিয়াতি পূৰ্ণ নথিপত্ৰ প্ৰস্তুত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

বক্ৰপথেৰে অনিয়মৰ আশ্ৰয় লৈ ৰাজহুৱা পুঁজিৰ শৰাধত নমা এই ২ পঞ্চায়ত প্ৰতিনিধি সোনাৰী চাপৰি পঞ্চায়তৰ সভাপতি মনজিৎ সোণোৱাল আৰু সচিব দীপক কমানৰঅন্য এক কলা অধ্যায় পোহৰলৈ আহিছে । এই দুই দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে শেহতীয়াভাৱে স্বজন তোষনেৰে চৰকাৰী আঁচনিৰ আবন্টন, ভুৱা জবকাৰ্ড, বেংক পাছ বুক প্ৰস্তুত কৰি দুখীয়া দৰিদ্ৰ জনতাৰ বিপৰীতে আবন্তিত পুঁজি গোগ্ৰাখে উদৰস্থ কৰাৰ সীমাহীন তথ্য উপলব্ধ হৈছে।

প্ৰধানকৈ পঞ্চায়তখনৰ ৰাওনাবাৰী গাঁওৰ বিধৱা মহিলা সবিতা পেগুৰ প্ৰকৃত বেংক একাউণ্ট ০৬৩১০৪০৭৮৬১ (পাঞ্জাৱ নেচনেল বেংক)নম্বৰৰ পৰিবৰ্তে এই দুষ্ট চক্ৰটোৱে মাজুলী জিলাৰ জেংৰাইমুখ শাখাৰ ইউ কো বেংকত এইগৰাকী নিঃস্ব বিধবা মহিলাৰ নামত ১৫০৪৩৩১১১৮০০৩৬ নম্বৰৰ এটা ভুৱা একাউণ্ট খুলি চৰকাৰী পুঁজি উদৰস্থ কৰি অহাৰ এক ভয়ানক তথ্য পোহৰলৈ আহিছে।

দৰিদ্ৰ মহিলা গৰাকীয়ে জনোৱা মতে, তেওঁৰ অজ্ঞাতে তেওঁৰ নথিপত্ৰ সংগ্ৰহ কৰি ভুৱা একাউণ্ট খুলি অশুভ চক্ৰটোৱে ৰন্ধন গেছৰ ৰাজসাহায্য, বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু জবকাৰ্ডৰ পুঁজি হস্তগত কৰি আহিছিল। এই সন্দৰ্ভত মহিলাগৰাকীৰ জ্ঞাত হোৱাত ২ কৰ্মীৰ ঘনিষ্ঠ এজন স্তাৱকে অলপতে মহিলা গৰাকীক উক্ত ভুৱা বেংক পাচবুকখন ঘৰত দি উধাও হয়।

তদ্রুপভাৱে এইখন গাঁওৰে একাংশ কণ কণ শিশুক প্ৰাপ্তবয়স্ক সজাই এইসকল কিশোৰৰ নামৰ বিপৰীতে ভুৱা জবজাৰ্ড প্ৰস্তুত কৰি আঁচনিৰ ধন উদৰস্থ কৰাৰ তথ্যও পোহৰলৈ আহিছে। ইয়াৰোপৰি ইতিপূৰ্বে চেনিমাৰী গাঁওৰ ৪৯ গৰাকী ব্যক্তিৰ নামত ভুৱা জবকাৰ্ড প্ৰস্তুত কৰি চৰকাৰী ধন কুক্ষীগত কৰাৰ তথ্য ৰাইজৰ হাতে হাতে। ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ ঘনিষ্ঠ হিচাবে পৰিচিত এই ২ সভাপতি -সচিবৰ উৰ্ধবাহু নৃত্যত অতিষ্ঠ সোনাৰী চাপৰি পঞ্চায়তবাসী।

অনীতিকে নীতি কৰি চৰকাৰী পুঁজি লুটিবলৈকে খুটি পুতি বহা ২ পঞ্চায়ত সভাপতি সচিবৰ নিৰ্বিচাৰ অতপালিৰ বিৰুদ্ধে অতিষ্ঠ গঞই ৰুজু কৰিছে গোচৰ। সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চেনিমাৰী গাঁওৰ কেশৱ চন্দ্ৰ নাথ নামৰ ব্যক্তিজনে সভাপতি সোণোৱাল আৰু সচিব কমানৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে যোৱা ২ নৱেম্বৰত।

সোনাৰী চাপৰি আৰক্ষীক দাখিল কৰা এজাহাৰত ২ পঞ্চায়ত কৰ্মীৰ নেতৃত্বত সংঘটিত ব্যাপক দুৰ্নীতি লুণ্ঠনৰাজৰ তথ্য সন্নিবিষ্ট কৰি শীঘ্ৰে এনে সমাজ বিৰোধী চক্ৰটোৰ ওপৰত যথাবিহীত আইনগত শাস্তি প্ৰদানৰ আহ্বান জনাইছে। বিধায়ক নৱ দলেৰ ঘনিষ্ঠ হিচাবে পৰিচিত এই ২ পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত কৰাৰ নামত কি সময়োপযোগী স্থিতি সোনাৰী চাপৰি আৰক্ষীয়ে গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বৰ লখিমপুৰ জিলা আৰক্ষী বাস্তৱিকতে কিমান জনদায়বদ্ধশীল, ৰাজনৈতিক প্ৰভাৱমুক্ত আৰু নিৰপেক্ষ।

ভুৱা একাউণ্ট খুলি চৰকাৰী পুঁজি লুটিছে পঞ্চায়তৰ সভাপতি-সচিবে
গোলাঘাটৰ বকিয়ালত হাতীৰ আক্ৰমণত নিহত এজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in