আলোকচিত্ৰ শিল্পী মহেন্দ্ৰ বৰুৱাক ‘অমূল্য মান্না আলোকচিত্ৰ বঁটা– ২০২৩’ প্ৰদান

: আন্তৰ্জাতিক খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী মহেন্দ্ৰ বৰুৱাক ১৯ জানুৱাৰীত ‘অমূল্য মান্না আলোকচিত্ৰ বঁটা–২০২৩’ প্ৰদান কৰা হয় ।

author-image
Asomiya Pratidin
New Update
আলোকচিত্ৰ শিল্পী মহেন্দ্ৰ বৰুৱাক ‘অমূল্য মান্না আলোকচিত্ৰ বঁটা– ২০২৩’ প্ৰদান

ডিজিটেল সংবাদ, নলবাৰী : আন্তৰ্জাতিক খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী মহেন্দ্ৰ বৰুৱাক ১৯ জানুৱাৰীত ‘অমূল্য মান্না আলোকচিত্ৰ বঁটা–২০২৩’ প্ৰদান কৰা হয় । বিশিষ্ট আলোকচিত্ৰ তথা ভাস্কৰ্য শিল্পী মহেন্দ্ৰ বৰুৱাৰ টিহু নগৰত থকা বাসগৃহত ‘অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি’ৰ উদ্যোগত আৰু ‘ফটোগ্ৰাফী ইনষ্টিটিউট অৱ অসম’ৰ সহযোগত জনপ্ৰিয় আৰু প্ৰসিদ্ধ চিত্ৰশিল্পী গৰাকীক এই বঁটা প্ৰদান কৰা হয় ।

Advertisment

এই উদ্দ্যেশ্যে শিল্পী মহেন্দ্ৰ বৰুৱাৰ টিহু নগৰস্থিত বাসগৃহত আয়োজিত এক গুৰু গম্ভীৰ অনুষ্ঠানত সন্মানীয় বঁটা প্ৰদান কৰা হয়। আন্তৰ্জাতিক খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী বৰুৱাই অমূল্য মান্নাৰদৰে বৰেণ্য ব্যক্তিৰ স্মৃতিত প্ৰদান কৰা বঁটা গ্ৰহণ কৰি নিজকে সুখী তথা গৌৰৱ অনুভৱ হোৱা বুলিও মত প্ৰকাশ কৰে।

ভাষণ প্ৰসংগত তেওঁ বৰেণ্য ব্যক্তি গৰাকীৰ সান্নিধ্যৰ বিষয়ে শ্ৰদ্ধাৰে স্মৰণ কৰি কয়–‘‘অমূল্য মান্নাই পোহৰ আৰু বিষয় বৈচিত্ৰ্যত বৰকৈ গুৰুত্ব দিছিল । ইয়াৰ ফলত শ্ৰদ্ধাৰ মান্নাদাৰ আলোকচিত্ৰই বিশেষ মৰ্যাদা লাভ কৰিছিল । সেয়ে তেওঁৰ প্ৰতিখন চিত্ৰই সদায় নতুন কথা কৈছিল ।’’ অমূল্য মান্নাৰ সান্নিধ্যৰ স্মৃতিকাতৰতাই হেঁচা মাৰি ধৰা মুহূৰ্তত থোকাথুকি মাতেৰে মহেন্দ্ৰ বৰুৱাই কয়–‘‘দৈনিক অসম, আছাম ট্ৰিবিউন আৰু অসমবাণী কাকতৰ কাৰ্যালয়ত তেওঁক যেতিয়াই লগ পাওঁ তেতিয়াই আমাক উপযাচি ফটোগ্ৰাফিৰ বিষয়ে নানান কৌশল শিকাইছিল । তেওঁৰ পৰা আমি বহু নতুন নতুন কথা জানিব পাৰিছিলোঁ । তেওঁৰপৰা শিকা বহু কথা, কৌশল মোৰ ফটোগ্ৰাফি জীৱনৰ পৰৱৰ্তী সময়ত প্ৰয়োগ কৰি মোৰ কলাক উত্তৰণ ঘটাইছিলোঁ । সেয়ে মোৰ মানস পটত তেওঁ সদায় জিলিকি থাকিব ।

স্বআৰোপিত দায়িত্বৰে অসমৰ আলোকচিত্ৰ শিল্পক নতুনত্ব ৰূপ দিয়া মহেন্দ্ৰ বৰুৱাই পুনৰ কয়–‘‘অমূল্য মান্নাদা বিহুৰ প্ৰতি বৰ আগ্ৰহী আছিল । সেয়ে বিহুৰ সকলো দিশ সামৰি ফটো তোলাটোত তেওঁৰ অন্যতম কৃতিত্ব আছিল । বিহু আলোচনী বা বাতৰিকাকতৰ বিহু সংখ্যাৰ বিশেষ সংখ্যা মানেই মান্নাদাৰ ফটো । বিহু সংখ্যা আৰু মান্নাদাৰ ফটো যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । সেয়ে তেওঁৰ প্ৰতিখন ফটো মই ভালদৰে নিৰীক্ষণ কৰিছিলোঁ ।’’ পূৰ্বৰ ফটোগ্ৰাফি আৰু বৰ্তমানৰ ফটোগ্ৰাফিৰ বিষয়ে জানিব বিচাৰাত খ্যাতিমান শিল্পী বৰুৱাই কয় যে ফটোগ্ৰাফি মনৰ জগতৰ এক বিশেষ কলা । সেয়ে এসময়ত ফটোগ্ৰাফি বৰ সূক্ষ্ম আৰু ব্যয়বহুল আছিল । এতিয়া বিভিন্ন লোকৰ অংগ বেলেগ বেলেগ লোকৰ শৰীৰত যেনেদৰে য’তে-ত’তে সংযোগ কৰিব পাৰি আমাৰ ফটেগ্ৰাফিত সেই ব্যৱস্থা নাছিল । সেয়ে পূৰ্বৰ ফটোগ্ৰাফিৰ যি কলা আছিল এতিয়াৰ ফটোগ্ৰাফিত সেই কলা পাবলৈ টান হয় । এতিয়া ফটোগ্ৰাফি কলাৰপৰা মেজিকলৈ পৰিৱৰ্তন হ’ল ।

অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক মুকুল প্ৰসাদ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটোত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ সভাপতি অৰূপ মান্না, টিহুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক হৰেকৃষ্ণ মেধি আদিয়ে শিল্পী বৰুৱালৈ শুভেচ্ছাজ্ঞাপক আৰু প্ৰাসংগিক ভাষণ প্ৰদান কৰে । অনুষ্ঠানত  অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ সদস্যা ক্ৰমে ৰীণি মান্না, নৱমিকা বৰঠাকুৰ, য়ুবি ফটোজৰ ফটো সংবাদিক ক্ৰমে আব্দুল ছাজিদ, নিপাংকৰ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালৰ অৱসৰীয়া অধ্যাপক ডঃ সুৰেশ চন্দ্ৰ শৰ্মা, অভিনেতা- সাংস্কৃতিককৰ্মী তাৰা হুছেইন প্ৰমুখ্যে কেবাগৰাকী গণ্য-মাণ্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখযোগ্য যে আলোকচিত্ৰ শিল্পী মহেন্দ্ৰ বৰুৱাই প্ৰায় ৩৫ বছৰ  আছাম ট্ৰিবিউন, দৈনিক অসম, অসমবাণী আদি কাকতত ফটো সাংবাদিকতা কৰাৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত তেওঁৰ বিভিন্ন বিষয়ৰ ফটো ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল । আন্তৰ্জাতিক পৰ্যায়ত স্বীকৃতি লাভ কৰা বিশিষ্ট আলোকচিত্ৰ শিল্পী বৰুৱাই ইতিমধ্যে আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাধিক বঁটা লাভ কৰিছে । তেওঁ অসম আন্দোলনৰ পটভূমিত প্ৰস্তুত কৰা আলোকচিত্ৰৰ বাবে জ্যেষ্ঠ আলোকচিত্ৰ শিল্পীৰ বঁটাও লাভ কৰিছিল ।

তদুপৰি এগৰাকী ভাস্কৰ্য শিল্পী হিচাপেও পৰিচিত বৰুৱাই শেহতীয়াভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটি বিশাল আকৃতিৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । ৰাজ্যৰ আগশাৰীৰ চিত্ৰশিল্পী তথা ফটো সাংবাদিক বৰুৱাই দীৰ্ঘদিন ধৰি ভিন ভিন বিষয়ত ভালেসংখ্যক চিত্ৰও  অংকন কৰি আহিছে । শেহতীয়াভাৱে তেওঁ এখন চলচ্চিত্ৰ নিৰ্মাণত ব্যস্ত আছে। ‘অমূল্য মান্না আলোকচিত্ৰ বঁটা– ২০২৩’ বঁটাৰ সন্মান হিচাপে মহেন্দ্ৰ বৰুৱাক গামোচা, চেলেং, অংগবস্ত্ৰ, প্ৰশস্তিপত্ৰ, আকৰ্ষণীয় স্মাৰক, নগদ ধন বিছ হাজাৰ টকা প্ৰদান কৰা হৈছে । উল্লেখনীয় যে অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু ফটোগ্ৰাফী ইনষ্টিটিউট অৱ অসমৰ সহযোগত প্ৰতি বছৰে একোগৰাকী বিশিষ্ট   আলোকচিত্ৰ শিল্পীক এনেদৰে এই বঁটা প্ৰদান কৰি অহা হৈছে ।

আৰু পঢ়ক: ভেকচিন লোৱাৰ পাছতেই শিশুৰ মৃত্যু, শিৱসাগৰত চাঞ্চল্য...

award assam