দিলীপ বৰ্মনক বৰ্ষশ্ৰেষ্ঠ গল্পকাৰ বঁটা প্ৰদান

দিলীপ বৰ্মনক বৰ্ষশ্ৰেষ্ঠ গল্পকাৰ বঁটা প্ৰদান

ডিজিটেল সংবাদ, নলবাৰী : গল্প সাহিত্যত এক সুকীয়া স্থান লাভ কৰা গল্পকাৰ দিলীপ বৰ্মনক এইবেলি অৰ্থাৎ ১১ফেব্ৰুৱাৰীত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত ৰাইটাৰ্চ ফ'ৰাম অসমে বৰ্ষশ্ৰেষ্ঠ গল্পকাৰ বঁটা প্ৰদান কৰে । বঁটা প্ৰদান কৰে বিশিষ্ট সাংবাদিক তথ সু - লেখক হাইদৰ হুছেনে । বৰ্মনে জানিবলৈ দিয়মতে সাপ্তাহিক বুধবাৰত তেওঁৰ প্ৰথম গল্প প্ৰকাশ পায় । প্ৰথম প্ৰকাশিত গল্পটোৰ নাম আছিল হেৰোৱা দিগন্তৰ মায়া ।

ইয়াৰ পিছত বৰ্মনৰ গল্প ধাৰাবাহিক ভাৱে প্ৰকাশ হবলৈ ধৰে । বৰ্মনৰ গল্প সাপ্তাহিক বুধবাৰ , অগ্ৰদূ ত , দৈনিক অগ্ৰদূত , আজি , আজিৰ অসম , অসমীয়া খবব , জনমভূমি , মাহেকীয়া আলোচনী বাৰ্তপখিলী , নিউজ থাৰ্টি, অভিজ্ঞান বিচিত্ৰা , আকাশ বাণী গুৱাহাটী কেন্দ্ৰকে ধৰি আৰু বহু কাকত আলোচনীত গল্প প্ৰকাশ আৰু প্ৰচাৰ হৈছে আৰু হৈ আছে । বৰ্মনৰ প্ৰকাশিত গল্প সংকলন হেৰোৱা দিগন্তৰ মায়া আৰু মেঘে ঢকা সূৰ্য । অসম চৰকাৰৰ পৰা লেখক সম্বৰ্ধনা লাভ কৰা বৰ্মনে ৰাষ্ট্ৰীয় আৰু আন্ত : ৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত হিন্দী ভাষাত প্ৰণয়ন কৰা কবিতা পাঠ কৰাৰ লগতে কেইবাটাও অনুষ্ঠানৰ পৰা বঁটা আৰু সম্বৰ্ধনা লাভ কৰিছে । বৰ্মনৰ এই বঁটা লাভৰ খবৰে আনন্দ মুখৰ পৰিবেশ বিৰাজ কৰিছে ।

দিলীপ বৰ্মনক বৰ্ষশ্ৰেষ্ঠ গল্পকাৰ বঁটা প্ৰদান
কঠীয়াতলীত পথ দুৰ্ঘটনা, আহত দুজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in