কঠীয়াতলীত পথ দুৰ্ঘটনা, আহত দুজন

কঠীয়াতলীত পথ দুৰ্ঘটনা, আহত দুজন

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত পথ দুৰ্ঘটনা, আহত দুজন

ডিজিটেল সেৱা, কঠীয়াতলী : নগাঁও জিলাৰ কঠীয়াতলীত সোমবাৰে সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজনলোক গুৰুতৰভাৱে আহত হয়। কঠীয়াতলীৰ এঘাৰমাইলত এখন আৰ্টিগা আৰু স্কুটিৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ।

Advertisment

গুৰুতৰভাৱে আহত লোক দুজনক ততালিকে কঠীয়াতলী স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় । আহত লোক দুজনৰ সবিশেষ জানিব পৰা হোৱা নাই । দুৰ্ঘটনাত পতিত স্কুটী খনৰ নম্বৰ এ এচ ০২ এ এইচ ০৩৮২ ।

Also Read: ৰঙিয়াৰ কণিহা মজলীয়া বিদ্যালয়ত সামূহিক উৎসৱ