অসম সাহিত্য সভাৰ ‘অসমৰ হোলীগীত’ বিষয়ক আলোচনাচক্র সম্পন্ন

অসম সাহিত্য সভাৰ ‘অসমৰ হোলীগীত’ বিষয়ক আলোচনাচক্র সম্পন্ন

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাৰ ‘অসমৰ হোলীগীত’ বিষয়ক আলোচনাচক্র সম্পন্ন

ডিজিটেল সংবাদ, নলবাৰীঃ দৌলোৎসৱৰ অপাৰ আনন্দ উল্লাসৰ মাজতে নলবাৰী জিলাৰ টিহু নগৰৰ নান্নাট্টাৰী দৌলমন্দিৰত অসম সাহিত্য সভাৰ 'অসমৰ পৰিৱেশ্য কলা সংবর্ধন আৰু সংৰক্ষণ উপ সমিতি'ৰ উদ্যোগত ২৪ মাৰ্চত ‘অসমৰ হোলীগীত’ বিষয়ক এখন আলোচনাচক্ৰ সম্পন্ন হয়। আলোচনাচক্রখন উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্রজিৎ শৰ্মাই কয় যে শুদ্ধ ভাৰতীয় হ’বলৈ গ’লে এগৰাকী শুদ্ধ অসমীয়া হ’ব লাগিব। আমি স্বকীয়তা হেৰুৱাব নোৱাৰোঁ। মানুহৰ স্বকীয়তা হেৰুৱালে সকলো নোহোৱা হয়। জাতি একোটা প্ৰাণৱন্ত হৈ থাকিবলৈ হ’লে জাতিটোৰ সংস্কৃতিবোৰকো শুদ্ধভাৱে চৰ্চা কৰিব লাগিব।

Advertisment

অসমৰ পৰিৱেশ্য কলা সংৱৰ্ধন আৰু সংৰক্ষণ উপ সমিতিৰ কাৰ্যকৰী সভাপতি মধুসূদন মেধিৰ সঞ্চালনাত হোৱা এই আলোচনাচক্ৰত আলোচক হিচাপে ভাগ লয় চেঙাৰ ৰামানুজন একাডেমিৰ অধ্যক্ষ ৰোহিণী কুমাৰ দাসে। অনুষ্ঠানত ক্ৰমে অসম সাহিত্য সভাৰ জনগোষ্ঠীয় ইতিহাস প্রকল্প সমতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্র কলিতা, প্রকাশন উপ সমিতিৰ আহ্বায়ক গোবিন্দ কলিতা, শৰৎচন্দ্ৰ গোস্বামী ভাষা-সংস্কৃতি গৱেষণা প্রকল্প সমিতিৰ আহ্বায়ক ধ্রুৱজ্যোতি শর্মা উপস্থিত থাকে।

তদুপৰি অসম সাহিত্য সভাৰ আমন্ত্রিত সদস্য প্রমোদ ডেকা, বিশিষ্ট শিক্ষাবিদ তথা অসম জাতীয় বিদ্যালয় শৈক্ষিক ন্যাসৰ সচিব ডাঃ নাৰায়ণ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সুৰেশ চন্দ্ৰ শৰ্মাই আমন্ত্রিত অতিথি হিচাপ অংশ লয়।

নান্নাট্টাৰী দৌল মহোৎসৱ উদ্‌যাপন সমিতিৰ সহযোগত হোৱা এই অনুষ্ঠানটো আয়োজনৰ বিষয়ে অসমৰ পৰিৱেশ্য কলা সংৱর্ধন আৰু সংৰক্ষণ উপ সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰে বিতংভাৱে কয়। অনুষ্ঠানত শিক্ষাব্ৰতী ৰবীন্দ্ৰনাথ শৰ্মা, জ্যেষ্ঠ নাগৰিক হৰিচৰণ বেজবৰুৱা, চক্ৰপাণি তালুকদাৰ, বিশিষ্ট সাংস্কৃতিককৰ্মী কুমুদ ভট্ট প্ৰমুখ্যে বহুকেইগৰাকী লোকে ভাগ লয়।

Also Read: কাজিৰঙাৰ বাংশীবাদন মন্দিৰত দৌল উৎসৱ

nalbari assam sahitya sabha