কাজিৰঙাৰ বাংশীবাদন মন্দিৰত দৌল উৎসৱ

কাজিৰঙাৰ বাংশীবাদন মন্দিৰত দৌল উৎসৱ

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ বাংশীবাদন মন্দিৰত দৌল উৎসৱ

ডিজিটেল সংবাদ, কাজিকঙাঃ কাজিৰঙাৰ ১৯৪৬ চনত স্থাপন হোৱা বাংশীবাদন মন্দিৰত পৰম্পৰা অনুসৰি আয়োজন কৰা হৈছে দৌল উৎসৱ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কেইবাখনো গাওঁৰ শতাধিক ৰাইজে সমূহীয়াকৈ আয়োজন কৰা এই দৌল উৎসৱত জাতি-বৰ্ণ ধৰ্ম নিৰ্বিশেষে অংশগ্ৰহণ কৰে।

Advertisment

এই উৎসৱ উপলক্ষে নাম-কীৰ্তন, ভাওঁনাৰো আয়োজন কৰা হয়। পৰম্পৰাগতভাৱে পালন কৰা দৌল উৎসৱত শ্ৰীকৃষ্ণৰ মূৰ্তিক নৰূপত মন্দিৰত প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হয়। সেৱকীসকলে মন্দিৰত শৰাই আগবঢ়াই সকলোৰে কুশল মঙ্গল কামনা কৰে।

আনহাতে ফাল্গু উৎসৱ উপলক্ষে গাওঁৰ যুৱক যুৱতীসকলে ফাকু খেলি আনন্দ উল্লাস কৰা দেখা যায়। উল্লেখ্যে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী, বন্যপ্ৰাণী আদিৰ যাতে কোনো হানি বিঘিনি নহয় তাৰ বাবেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে সমৱেত ৰাইজে।

Also Read: চিলাপথাৰত ৰঙালীক আদৰাৰ ব্যাপত প্ৰস্তুতি

kaziranga holi