টিহুত সাহিত্য দিৱস পালন

টিহুত সাহিত্য দিৱস পালন

author-image
Asomiya Pratidin
New Update
টিহুত সাহিত্য দিৱস পালন

ডিজিটেল সংবাদ, নলবাৰীঃ পৃথিৱীৰ সকলো জাতি-জনগোষ্ঠীৰ বাবে মাতৃভাষা অতি গুৰুত্বপূৰ্ণ। সন্তানৰ লালন-পালন আৰু শ্ৰীবৃদ্ধিৰ বাবে মাতৃয়ে যিদৰে ভূমিকা লয় তেনেদৰে মাতৃভাষায়ো আমাক জগতত চিনাকি কৰোৱাৰ ভূমিকা লয়। মাতৃভাষা আমাৰ চিনাকি, সাহস, গৌৰৱ, স্বাভিমান আৰু আগুৱাই যোৱাৰ শক্তি। মাতৃভাষা অবিহনে কোনো জাতিৰ স্বকীয়তা আৰু স্থায়িত্ব নাথাকে। সেয়ে মাতৃভাষাৰ গুৰুত্ব অনাদি অনন্ত কাললৈ বৰ্তি থাকিব।

Advertisment

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ২৪ মাৰ্চত নলবাৰী জিলাৰ টিহুৰ পখুৰা দৌলমন্দিৰৰ চোতালত জলখানা ভঠুৱাখানা স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত ‘মাতৃভাষাৰ গুৰুত্ব’ শীৰ্ষক আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দিয়া ভাষণত এইদৰে কয়। অসম সাহিত্য সভাৰ সাহিত্য দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত আৰু জলখানা ভঠুৱাখানা স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট শিক্ষাব্ৰতী প্ৰিয়নাথ ডেকাই সঞ্চালনা কৰা আলোচনাচক্ৰখনত সৰুপেটাৰ বিএইচবি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মৃণাল দত্ত আৰু টিহুৰ আৰ্যভট্ট একাডেমিৰ প্ৰবক্তা অবিনাশ কলিতাই আলোচক হিচাপে ভাগ লৈ আলোচিত বিষয়ত বিশ্লেষণ আগবঢ়ায়।

জলখানা ভঠুৱাখানা স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি কান্তেশ্বৰ কলিতাই আদৰণি ভাষণ প্ৰদান কৰে। পখুৰা দৌলযাত্ৰা মহোৎসৱ উদ্‌যাপন সমিতিৰ সহযোগত হোৱা এই অনুষ্ঠানটোৰ আঁতধৰাৰ লগতে অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখা সম্পাদক দৰ্পনা কলিতাই।

পখুৰা দৌলযাত্ৰা মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি সন্তোৰাম কলিতায়ো শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। জ্যেষ্ঠ শিক্ষক কল্যাণপ্ৰসাদ শৰ্মা, সাংস্কৃতিক কৰ্মী সদা ভঁৰালী, দৌলযাত্ৰা মহোৎসৱ উদ্‌যাপন সমিতিৰ উপ সভাপতি হৰকান্ত কলিতা, সম্পাদক সমৰেন্দ্ৰ দত্ত, সহকাৰী সম্পাদক চন্দন ভঁৰালী, বিত্ত সম্পাদক শংকৰ ভঁৰালী আৰু প্ৰদীপ দত্তয়ো অনুষ্ঠানত ইতিবাচক মনোভাব ব্যক্ত কৰে।

Also Read: ওদালগুৰিত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ শুভাৰম্ভ

tihu assam sahitya sabha