ওদালগুৰিত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ শুভাৰম্ভ

ইটালীৰ পৰ্যটকেও উপভোগ কৰিলে আতচবাজি
ওদালগুৰিত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, ওদালগুৰিঃ আতচবাজিৰে উদ্ভাসিত হৈ পৰিল ওদালগুৰিৰ আকাশ। দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আৰম্ভ হ'ল শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। কাৰ্যসূচী অনুসৰি আজি পুৱা ৫ বজাত নিত্য প্ৰসঙ্গৰ পাছত সন্ধিয়া ৬-৩০ বজাত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা (গন্ধ উৎসৱ)ৰ শুভাৰম্ভ হয়।

গন্ধোৎসৱৰ সৈতে সংগতি ৰাখি পৰম্পৰাগতভাৱে বৰপেটাৰ থলুৱা আতচবাজী প্ৰদৰ্শনৰ শুভাৰম্ভ কৰে বি‌‌‌‌টিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ইয়াৰ পূৰ্ৱে বড়োৱে প্ৰদান কৰা ভাষণত কয় "ওদালগুৰি টাউনৰ মজিয়াত সুন্দৰকৈ দৌল উৎসৱ পালন কৰি আহিছে। ইয়াৰ দ্বাৰা আমাৰ মাজত ঐক্য, শান্তি আৰু একতা সুদৃঢ় হব থাকিব। দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিটিআৰত শান্তি ঘুৰি আহিছে। সকলোকে আগন্তুক ফাকুৱাৰ শুভেচ্ছা জনালো। সকলোৰে মাজত মিলা প্ৰীতিৰে আমি এই উৎসৱ পালন কৰিম। আজি এই অনুষ্ঠানত মোক আমন্ত্ৰণ জনোৱা বাবে সত্ৰ পৰিচালনা সমিতিক ধন্যবাদ জনাইছো।"

আতচবাজিৰ পাছত সন্ধিয়া ৭-৩০ বজাত সত্ৰৰ চোতালত নিৰ্মিত মেজি প্ৰজ্বলন কৰে সত্ৰখনৰ শৰণাচাৰ্য বাপ বিমল ভকতে। লগে লগে শ্ৰীশ্ৰীকৃষ্ণ গোসাইঁক মেজিৰ চৌপাশ পৰিভ্ৰমণ কৰাই দৌলত আৰোহন কৰোৱা হয়। একে সময়তে মঞ্চ উদ্বোধন কৰে সাংসদ দিলীপ শইকীয়াই। মঞ্চ উদ্বোধন কৰি প্ৰদান কৰা ভাষণত শইকীয়াই কয়, "এই উৎসৱৰ দ্বাৰা আধ্যাত্মিক চেতনা বৃদ্ধি পাব। আগন্তুক দিনতো এই অনুষ্ঠানৰ সৈতে জৰিত থকাৰ লগতে সহায়-সহযোগিতা আগবঢ়াই যাম।"

মন কৰিবলগীয়া যে ইটালীৰ পৰা অহা পৰ্যটকেও আজি ওদালগুৰিৰ এই দৌল মহোৎসৱৰ আতচবাজি অনুষ্ঠান উপভোগ কৰে। অসমৰ এনে সংস্কৃতি উপভোগ কৰি অভিভূত হৈ পৰা বুলি সাংবাদিকৰ সন্মুখত মত ব্যক্ত কৰে। উক্ত অনুষ্ঠানতে সঙ্গীত নাটক অকাডেমী বটাঁপ্ৰাপক গুণীন্দ্ৰ নাথ ওজাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে দৌল মহোৎসৱ উদযাপন সমিতিয়ে। আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনৰ পাছতেই প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in