আনন্দপুৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান

আনন্দপুৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
আনন্দপুৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান

ডিজিটেল সংবাদ, নলবাৰী: অসম সাহিত্য সভাৰ অসমৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন সমিতিয়ে অসমৰ জাতীয় জীৱনৰ শিপা সদৃশ প্ৰাচীন পৰিৱেশ্য কলাবোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বাৰুকৈয়ে গুৰুত্ব আৰোপ কৰিছে। তাৰেই বিশেষ অংশ হিচাপে বাক্সা জিলাৰ আনন্দপুৰত ১৯ নৱেম্বৰত বাক্সা জিলা সাহিত্য সভা আৰু বৰিমাখা আঞ্চলিক সাহিত্য সভাৰ সহযোগত সভাৰাম দাস হাইস্কুলত দিহানাম আৰু খেৰাইনৃত্যৰ কৰ্মশালা এখন সম্পন্ন হয়।

Advertisment

এই উপলক্ষে পুৱা ৯ বজাত অনুষ্ঠিত কৰ্মশালাত প্ৰশিক্ষক হিচাপে দিহানামৰ বিশিষ্ট শিল্পী ডঃ ডালিমী কোঁৱৰ আৰু খেৰাইনৃত্যৰ বিশিষ্ট শিল্পী ধীৰেন ৰামচিয়াৰীয়ে অংশ লৈ দিহানাম আৰু খেৰাই নৃত্যৰ বিভিন্ন বিষয়ে প্ৰশিক্ষণ আগবঢ়ায়। প্ৰশিক্ষণৰ অন্তত আবেলি হোৱা মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱীয়ে।

অসম সাহিত্য সভাৰ অসমৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন সমিতিৰ সভাপতি মধুসূদন মেধিৰ সভাপতিত্বত হোৱা সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা আৰু নিৰ্দিষ্ট বক্তা হিচাপে অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্প সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতাই ভাষণ প্ৰদান কৰে। সভাত আদৰণী ভাষণ প্ৰদান কৰে অনুষ্ঠান আদৰণী সমিতিৰ সভাপতি নগেন চন্দ্ৰ দাসে। অনুষ্ঠানৰ আঁত ধৰে অসম সাহিত্য সভাৰ অসমৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰে।

কৰ্মশালা উপলক্ষে ডাঃ সমৰ তালুকদাৰৰ সম্পাদনাত অসম সাহিত্য সভাই প্ৰকাশ কৰা ‘দিহানাম আৰু খেৰাই নৃত্যৰ ৰুপৰেখা’ নামৰ গৱেষণামূলক পুথি এখন উন্মোচন কৰে বিটিআৰৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই। সভাত বিশিষ্ট অতিথি হিচাপে এমট্ৰনৰ উপ প্ৰবন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ, বাথৌ মহাসভাৰ প্ৰচাৰ সম্পাদক কৃষ্ণকান্ত বড়োই ভাগ লয়।

আকৌ অসম সাহিত্য সভাৰ ৰামধেনু সমিতিৰ আহ্বায়ক অজিতপ্ৰসাদ শৰ্মা, বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাস, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা অসম সাহিত্য সভা পত্ৰিকা সম্পাদনা সমিতিৰ সদস্য পংকজ বেজবৰুৱা আৰু অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বদ্ৰীপ্ৰসাদ গুৰাগাঞীয়ে সন্মানিত অতিথি হিচাপে উপস্থিত থাকি প্ৰাসংগিক ভাষণ প্ৰদান কৰে।

ইয়াৰ পূৰ্বে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বৰিমাখা আঞ্চলিক সাহিত্য সভাৰ সভাপতি উপেন চন্দ্ৰ দাসে। স্মৃতি তৰ্পণ কৰে বাক্সা জিলা সাহিত্য সভাৰ উপ সভাপতি হলধৰ কুমাৰে। কৰ্মশালা উদ্বোধন কৰে নলবাৰী জিলা সাংস্কৃতিক মহাসভাৰ সভাপতি সমীন্দ্ৰনাথ মহন্তই। অসম সংগীতেৰে অনুষ্ঠান সামৰা হয়।

Also Read: স্বপ্নভংগ হ'ল ১৪০ কোটি ভাৰতীয়ৰ : ষষ্ঠবাৰলৈ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

assam sahitya sabha