পথ দুৰ্ঘটনাত চিত্ৰশিল্পী সমীৰণ পাঠকৰ মৃত্যু

পথ দুৰ্ঘটনাত চিত্ৰশিল্পী সমীৰণ পাঠকৰ মৃত্যু

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ টিহু-হাৰিভাঙা পথত ১৮ মাৰ্চৰ নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় নাম-জ্বলা চিত্ৰশিল্পী সমীৰণ পাঠক (৫৭)। প্ৰাপ্ততথ্য মতে, বিশিষ্ট চিত্ৰশিল্পী সমীৰণ পাঠকে টিহুৰ পৰা হাৰিভাঙা দিশে নিজৰ এএচ০১ এফএফ ৯১৫৪ নম্বৰৰ চাৰিচকীয়া বাহন এখনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে।

ফলত থিতাতে নিহত হয় বাহনখনৰ চালক সমীৰণ পাঠক। টিহুৰ নান্নাট্ৰাৰী নিবাসী তথা ৰাজ্যৰ এগৰাকী পৰিচিত চিত্ৰশিল্পী সমীৰণ পাঠক টিহু হাইস্কুলৰপৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ চাৰুকলা কলেজত ফাইন আৰ্টচত নামভৰ্তি কৰিছিল। ইয়াৰ পাছত তেওঁ বৰোদা বিশ্ববিদ্যালয়ৰপৰা ফাইন আৰ্টচত উচ্চশিক্ষা গ্ৰহণ কৰিছিল।

গুৱাহাটীৰ এক্সক্লুচিভ এডভাৰটাইজিং প্ৰাইভেট লিমিটেডৰ উচ্চপদত কৰ্মৰত সমীৰণ পাঠক টিহুৰ সকলো সামাজিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। ঐতিহ্যমণ্ডিত টিহু টাউন ক্লাব আৰু নাটচ’ৰাৰ অন্যতম সদস্য এইগৰাকী শিল্পী আছিল টিহুৰ লগতে ৰাজ্যখনৰ ভালেকেইখন গ্ৰন্থ আৰু আলোচনীৰ প্ৰচ্ছদৰ শিল্পী।

সদ্য সমাপ্ত টিহু কলেজৰ হীৰক জয়ন্তীৰ প্ৰতীকপট, তোৰণ আৰু স্মৃতিগ্ৰন্থৰ প্ৰচ্ছদ অংকন কৰা শিল্পী পাঠকে টিহু টাউন ক্লাব আৰু নাটচ’ৰাৰ প্ৰতীকপটো সৃষ্টি কৰিছিল। সোমবাৰে নিশা তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পাছতে সমগ্ৰ টিহু অঞ্চলৰ লোক শোকত ম্ৰিয়মান হয়।

ঘটনাস্থলীত টিহু আৰক্ষী উপস্থিত হৈ পাঠকক হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে যদিও ইতিমধ্যে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আজি দুপৰীয়া মৰণোত্তৰ পৰীক্ষাৰ পাছত তেওঁৰ নশ্বৰদেহ নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰপৰা টিহু টাউন ক্লাবৰ কাৰ্যালয়লৈ অনা হয়।

ইয়াত টিহু ৰাস-দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শংকৰ কুমাৰ দাসে আঁত ধৰা এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত টিহু আঞ্চলিক উন্নয়ন সমিতি, টিহু ৰাস-দুৰ্গা মন্দিৰ পৰিচালনা সমিতি, টিহু টাউন ক্লাব, টিহু নাটচ’ৰা, অসম নাট্য সন্মিলনৰ টিহু শাখা, টিহু নগৰ উন্নয়ন সনিতি, টিহু দুৰ্গা পূজা সমিতি, টিহু ৰাস মহোৎসৱ সমিতি, অসম গণ পৰিষদ, টিহু ক্ৰীড়া সন্থা, টিহু সাহিত্য সভা, টিহু মহকুমা সাংবাদিক সন্থা, টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদ, টিহু চেম্বাৰ অফ কমাৰ্চ, টিহু শাখা লেখিকা সমাৰোহ সমিতি, টিহু মহাবিদ্যালয়, সদৌ নলবাৰী জিলা সাংবাদিক সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, হিন্দু জাগৰণ অসমৰ টিহু মণ্ডল, টিহু কেন্দ্ৰীয় ৰঙালী বিহু উদ্‌যাপন সমিতি, টিহু পৌৰসভাৰ প্ৰতিনিধিৰ উপৰি নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাকে ধৰি ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ হেমন্তৰাজ তালুকদাৰে চিত্ৰশিল্পীগৰাকীৰ স্মৃতি সুঁৱৰি বাৰুকৈ স্মৃতিকাতৰ হয়। ইয়াৰ পাছতে বিশিষ্ট চিত্ৰশিল্পী পাঠকৰ প্ৰাণহীন দেহ শোকসমদলেৰে তেওঁৰ নান্নাট্টাৰীত থকা বাসগৃহলৈ লৈ যোৱা হয়।

বাসগৃহত উপস্থিত হোৱাৰ লগে লগে চৌদিশে কান্দোনৰ ৰোল উঠে। বিয়লি অগণন শোকাকুল গুণমুগ্ধৰ উপস্থিতিত নান্নাট্টাৰীৰ ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি এগৰাকী পুত্ৰ, এগৰাকী কন্যা সন্তানসহ বহু আত্মীয় স্বজনক এৰি থৈ যায়।

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পাঠকৰ আকস্মিক মৃত্যুত স্বাভিকতে দিশহাৰা হৈছে তেওঁৰ পৰিয়ালটো। এই ক্ষেত্ৰত চৰকাৰক পৰিয়ালটোলৈ সহায়-সহযোগ কৰিবৰ বাবে ৰাইজে আহ্বান জনাইছে।

পথ দুৰ্ঘটনাত চিত্ৰশিল্পী সমীৰণ পাঠকৰ মৃত্যু
ৰজাপথাৰত পঞ্চদশ পিচাক দমাছি উদযাপনৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in