ৰজাপথাৰত পঞ্চদশ পিচাক দমাছি উদযাপনৰ প্ৰস্তুতি

ৰজাপথাৰত পঞ্চদশ পিচাক দমাছি উদযাপনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ,হাওৰাঘাট : ৰজাপথাৰ পিচাক দমাছি উদযাপন সমিতিৰ উদ্যোগত বৃহত্তৰ ৰজাপথাৰ অঞ্চলৰ তিৱা জাতীয় সংগঠন, তিৱা মাথনলাই তখ্ৰা, তিৱা সাংস্কৃতিক সমাজ, সদৌ তিৱা মহিলা সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা সমাজৰ সহযোগত আগন্তুক পঞ্চদশ পিচাক দমাছি উৎসৱৰ আয়োজন কৰিবলৈ লোৱা হৈছে।অহা২০ আৰু২১ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে বুলি উদযাপন সমিতিৰ সম্পাদক প্ৰভাত দাৰফাঙে জনাইছে।

সমিতিৰ সভাপতি শৰৎ পাটৰৰ পৌৰহিত্যত অনুষ্ঠিত এক সাধাৰণ সভাত পুৰণা সমিতিখন ভংগ কৰি শৰৎ পাটৰক পুনৰ সভাপতি, প্ৰভাত দাৰফাঙক সম্পাদক হিচাপে লৈ সাংস্কৃতিক, মঞ্চ মণ্ডপ,খাদ্য, শব্দ, পোহৰ,স্বেচ্ছাসেৱক আৰু প্ৰতিযোগিতা উপসমিতি গঠন কৰে। সভাই কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকেথেক মুখ্য পৃষ্ঠপোষক আৰু কাৰ্যবাহী সদস্য ডি উফিং মাচলাইক মুখ্য উপদেষ্টা হিচাপে মনোনীত কৰে।

উদযাপন সমিতিয়ে পঞ্চদশ পিচাক দমাছি কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমূহ ৰাইজৰ সহযোগিতা কামনা কৰিছে।

ৰজাপথাৰত পঞ্চদশ পিচাক দমাছি উদযাপনৰ প্ৰস্তুতি
সোণাপুৰ মহাবিদ্যালয়ত উদ্যোমিতা উৎসৱ ২০২৪ আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in