জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন সমাপন

জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন সমাপন

author-image
Asomiya Pratidin
New Update
জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন সমাপন

ডিজিটেল সংবাদ,নলবাৰী : 'চৰকাৰৰ যিমানবোৰ বিভাগ আছে,সেইবোৰৰ ভিতৰত শিক্ষা বিভাগটো বহু বছৰ অতি দুৰ্বল ব্যৱস্থাৰে পৰিচালনা হৈ আহিছে। যাৰ বাবে মাতৃভাষা মাধ্যমৰ বহুকেইখন বিদ্যালয়ৰ ইতিমধ্যে মৃত্য ঘটিল আৰু বহুকেইখনৰ মৃত্যুঘণ্টা বাজিছে। শিক্ষাৰ এই ক্ষয়ংকৰ দুৰ্বল ব্যৱস্থাই আমাৰ ভাষা আৰু জাতিটোকে দুৰ্বল কৰিব।'

Advertisment

শনিবাৰে নলবাৰী জিলাৰ টিহুৰ ওচৰৰ জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত এইদৰে মন্তব্য প্ৰকাশ কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদনা সমিতিৰ সদস্য পংকজ বেজবৰুৱাই। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কন্দৰ্প শৰ্মাৰ পৌৰোহিত্যত হোৱা সভাখনত শিক্ষাব্ৰতী আৰু সাহিত্য সংগঠকগৰাকীয়ে লগতে কয় যে, মাতৃভাষা আৰু শিক্ষাৰ মাধ্যমৰ বিষয়টোৱে আমাৰ লগ এৰা নাই। ৰাজ্যখনত ছয় সাত তৰপীয়া শিক্ষক থকা ব্যৱস্থাটোৱেই প্ৰমাণ কৰে যে শিক্ষকসকলক যথাযথভাৱে সুবিধা বা সন্মান দিব পৰা নাই।

বহু বিদ্যালয়ত বছৰৰ পাছত বছৰ ধৰি যেতিয়া বিষয় শিক্ষক নাথাকিব তেনে শিক্ষানুষ্ঠানত কোনো অভিভাৱকে নিজৰ সন্তানক পঢ়াবলৈ আগ্ৰহ নকৰে। তেনেধৰণৰ অচিলা লৈয়েই এসময়ত অভিভাৱকে সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱালৈ ঢাপলি মেলিছিল। ক’বলৈ গ’লে প্ৰকাৰান্তৰে চৰকাৰেই বহু অভিভাৱকক ইংৰাজীমুখী হ’বলৈ বাধ্য কৰাইছিল।

যাৰ ফলত বহুকেইখন নামজ্বলা শিক্ষানুষ্ঠানৰো মৃত্যু ঘটিল। বিদ্যালয়খনৰ শিক্ষক কল্যাণপ্ৰসাদ শৰ্মাৰ পৰিচালনাৰে আৰু শিক্ষাৰ্থীবৰ্গৰদ্বাৰা পৰিৱেশিত সমৱেত সংগীতেৰে মুকলি সভা আৰম্ভ হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ লৈ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৰ্থনীতি বিড্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সুৰেশ চন্দ্ৰ শৰ্মাই শিক্ষা, সংস্কৃতি, সামাজিক ব্যৱস্থা সন্দৰ্ভত ভাষণ প্ৰদান কৰে।

এই সভাত শিক্ষকতাৰ বাবে ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত, স্থানীয় জ্যেষ্ঠ নাগৰিক প্ৰিয়নাথ ডেকায়ো অতিথি হিচাপে ভাগ লৈ শিক্ষাৰ্থীবৃন্দৰ উদ্দেশ্যি ভাষণ প্ৰদান কৰে। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী দৰ্পণা কলিতাই আঁত ধৰা সভাখনত সভা আয়োজনৰ উদ্দেশ্য আৰু পৰম্পৰা সন্দৰ্ভত ব্যাখ্যা কৰাৰ লগতে বিগত বৰ্ষৰ কাৰ্যকালৰ প্ৰতিৱেদন পাঠ কৰে জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক দেৱৰাজ ডেকাই।

সভাত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কন্দৰ্প শৰ্মায়ো বিগত বৰ্ষত বিদ্যালয়খনৰ হোৱা শৈক্ষিক আৰু আন্তঃগাঁথনি আদি সন্দৰ্ভত প্ৰতিৱেদন পাঠ কৰে। এই সভাত বিদ্যালয় সপ্তাহত আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বঁটা, শ্ৰেণীত স্থানপ্ৰাপ্ত শিক্ষাৰ্থীক বঁটা আৰু হাইস্কুল শিক্ষান্ত পকীক্ষাত এই বৰ্ষত বিদ্যালয়খনৰপৰা পকীক্ষা দি প্ৰথম বিভাগ প্ৰাপ্ত শিক্ষাৰ্থীক অভিনন্দনসূচক বঁটা প্ৰদান কৰা হয়।

মুকলি সভা সামৰাৰ পাছতে বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰদ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক উত্তম চন্দ্ৰ ডেকাই। অসম সংগীতেৰে সাংস্কৃতিক অনুষ্ঠান সমাপন কৰা হয়। সভাৰ পূৰ্বে পুৱাৰ ভাগত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কন্দৰ্প শৰ্মাই বিদ্যালয়ৰ পতাকা উত্তোলন কৰি আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ প্ৰাক্তন উপ সভাপতি হিতেশ কলিতাই ছহিদ তৰ্পণ কৰে। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি প্ৰণৱজ্যোতি কলিতাই বন্তি জ্বলায় আৰু উপ সভাপতি ৰণজিৎ শৰ্মাই গছপুলি ৰোপণ কৰে। ‘প্ৰগতি’ নামৰ প্ৰাচীৰ পত্ৰিকা এখন উন্মোচন কৰে ডাঃ অশ্বিনী কুমাৰ কলিতাই।

Also Read: বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱ

school