বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱ

বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱ

author-image
Asomiya Pratidin
New Update
বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱ

ডিজিটেল সংবাদ,মঙলদৈ : "যি সময়ত চাৰিওফালে ব্যক্তিগতখণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ দপদপনি বাঢ়িছে, সেই সময়তো চপাই মেধিপাৰাৰ 'বিনোৱা প্ৰাথমিক বিদ্যালয়" ম্লান পৰা নাই। শৈক্ষিক দিশত কৰা উত্তৰণৰ বাবে এতিয়াও দূৰ-দূৰণিৰ ছাত্ৰ- ছাত্ৰীয়ে এই স্কুলত ভীৰ কৰেহি। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পৰিকল্পিতভাৱে পদক্ষেপ গ্ৰহণ কৰি আগবাঢ়িলে কোনো শক্তিয়ে চৰকাৰী শিক্ষানুষ্ঠানক নিঃশেষ কৰিব নোৱাৰে। কিয়নো চৰকাৰী শিক্ষানুষ্ঠানত নিযুক্ত হৈ আছে অতি মেধা সম্পন্ন শিক্ষক- শিক্ষয়িত্ৰী।"- এই ভাষ্য চপাইৰ বিনোৱা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সমিতিৰ সভাপতি, বিশিষ্ট মানৱদৰদী চিকিৎসক ডা৹ অৰবিন্দ ডেকাৰ।

Advertisment

তিনিদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হোৱা শিক্ষানুষ্ঠানখনৰ ১২৫ বছৰীয়া জয়ন্তীৰ পতাকা উত্তোলন কৰি তেওঁ এইদৰে কয়। উদযাপন সমিতিৰ সম্পাদক ৰমেশ চহৰীয়াৰ সহযোগত সূৰ্য্য শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ ডা৹ অৰবিন্দ ডেকাই শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সকলক প্ৰশংসা কৰি কয়- আপোনালোকৰ বাবেই এই শিক্ষানুষ্ঠানখন এতিয়াও উজলি আছে।

উল্লেখ্য যে, ডা৹ ডেকাৰ লগতে ১২৪ জন বিশিষ্ট ব্যক্তিয়ে উদযাপন সমিতিৰ ১২৪ খন পতাকা আৰু প্ৰধান শিক্ষক তপেশ্বৰ ডেকাই বিদ্যালয়ৰ পতাকা উত্তোলন কৰে। আনহাতে গাওঁপ্ৰধান ক্ৰমে - লক্ষণ চন্দ্ৰ ডেকা, সতীশ ডেকাৰ নেতৃত্বত পৰিৱেশ নিকাকৰণ সম্পন্ন হোৱাৰ পিছত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বলোৰাম ডেকাই বন্তি প্ৰজ্বলন কৰে।

ইয়াৰ পিছতে মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা চপাই সাহিত্য সভাৰ সভাপতি সূৰ্য্য কুমাৰ ডেকাই স্মৃতি তৰ্পণ, বিশিষ্ট কৃষক মানিক চন্দ্ৰ ডেকাই বিশিষ্ট সমাজসেৱক তিলক চন্দ্ৰ ডেকাই আগবঢ়োৱা স্থায়ী তোৰণ উন্মোচন কৰাৰ লগতে অৱসৰপ্ৰাপ্ত সেনা বিষয়া, প্ৰাক্তন ছাত্ৰ সভাৰাম কেওটে গছপুলি ৰোপণ কৰে।

দিনৰ ১১-০০ বজাত কন কন ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱকৰ 'স্মৃতি এবেলা' শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠান শিক্ষক অনিল শৰ্মাই গুৰু বন্দনা পৰিবেশন কৰি উদ্বোধন কৰে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰুণু দেৱী, অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী ভানু দেৱীয়ে বক্তব্য প্ৰদান কৰা এই অনুষ্ঠান সন্মিলীতভাৱে পৰিচালনা কৰে শিক্ষক ক্ৰমে- শ্ৰীমন্ত ডেকা, স্বপ্না হাজৰিকা, হিৰণ্ময়ী ডেকা, ভাগ্যশ্ৰী চলিহা, মঞ্জুষা বড়ো বাগলাৰী, ডেইজীমণি ডেকাই।

ছাত্ৰী অংকিতা ডেকা, জাগৃতি কাশ্যপ, ধৃতিস্মিতা চহৰীয়া আৰু মনশ্ৰী ডেকাই বিদ্যালয় সংগীত পৰিবেশন কৰা এই অনুষ্ঠানত ধ্যানপ্ৰজ্ঞ চৌধুৰী, লুইত কাশ্যপ, ভবাৰ্ণৱ শৰ্মা, ৰাজকমল ডেকা, অংকিতা ডেকা, জীয়া ডেকা, লিমন ডেকা, ধৃতিস্মিতা চহৰীয়া, চিন্ময় ডেকা, ময়ূখ নাথ, বিশাল ডেকা, পাৰ্থপ্ৰতিম ডেকা আদিয়ে পৰিবেশন কৰা কবিতা, গীত আদিত উপস্থিত দৰ্শক মোহাচ্ছন্ন হৈ পৰে। সন্ধিয়া ১২৫ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰে সমাজসেৱক ভূমিধৰ নাথে।

সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ, হোমগাৰ্ডৰ কামৰূপ জিলাৰ কমাণ্ডেণ্ট বসন্ত শৰ্মাই। আনহাতে দেওবাৰে পুৱা ১০-০০ বজাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰুণু দেৱীৰ সঞ্চালনাত হ'বলগীয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন গুৰুমণ্ডলীৰ অন্তৰংগ আলাপ অনুষ্ঠান উদ্বোধন কৰিব ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লক্ষীকান্ত শৰ্মাই।

সন্ধিয়া কুটিৰ শিল্পী জীৱন চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলন আৰু গীতিকাৰ, সাহিত্যিক, চপাই মৌজাৰ মৌজাদাৰ প্ৰভাত চৌধুৰীয়ে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব। এই অনুষ্ঠানত শিল্পী মুনীন্দ্ৰ বৰুৱাই গীত পৰিবেশন কৰিব।

Also Read: চুটি ছবি “দেৱী বিসৰ্জন”ৰ শুভমুক্তি

mangaldai school