বিশ্বৰ সকলো ধৰ্ম অধ্যয়নৰ পাছত গুৰুজনাৰ নীতি-আদৰ্শ গ্ৰহণ ইজৰাইলী নাগৰিকৰ

 বিশ্বৰ সকলো ধৰ্ম অধ্যয়নৰ পাছত গুৰুজনাৰ নীতি-আদৰ্শ গ্ৰহণ ইজৰাইলী নাগৰিকৰ

ডিজিটেল সংবাদ,কলিয়াবৰ: বিশ্বব্যাপী প্ৰসাৰিত শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্ম। আধুনিকতাৰ খামধুমিয়াত গোলকীকৰণ,বিজ্ঞান-প্ৰযুক্তিয়ে ম্লান পেলাব পৰা নাই গুৰুজনাৰ চিৰযুগমীয়া নীতি-আদৰ্শক। গুৰুজনাৰ নীতি-আদৰ্শৰ লগতে সত্ৰীয়া সংস্কৃতি-পৰম্পৰাত উদ্বুদ্ধ হৈ একশৰণ ধৰ্মত দীক্ষিত হ'ল এগৰাকী ইজৰাইলী নাগৰিক।

মঙলবাৰে কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰত বাঘৰগঞা সত্ৰৰ সত্ৰাধিকাৰে শৰণ প্ৰদান কৰে জন্মসূত্ৰে ৰাছিয়ান এডগাৰ ফাইনাৰ নামৰ লোকজনক। হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ লগতে সত্ৰাধিকাৰৰ শৰণ লৈ এডগাৰ ফাইনাৰৰ নাম হ'লগৈ কৃষ্ণ চৰণ ভকত।

দৰাচলতে শ্ৰীমন্ত শংকৰদেৱৰ নীতি-আদৰ্শই সলনি কৰিল ইজৰাইলী নাগৰিক গৰাকীৰ জীৱন। ২০ বছৰে বিশ্বৰ সকলো ধৰ্ম অধ্যয়নৰ পিছত গুৰুজনাৰ একশৰণ ধৰ্মত দীক্ষিত হ'ল ইজৰাইলৰ ৪৭ বছৰীয়া নাগৰিক এডগাৰ ফাইনাৰ। হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ লগতে সত্ৰাধিকাৰৰ শৰণ লৈ এডগাৰ ফাইনাৰৰ নাম হ'লগৈ কৃষ্ণ চৰণ ভকত।

মঙলবাৰে কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰত অনুষ্ঠিত হ'ল এডগাৰ ফাইনাৰ ওৰফে কৃষ্ণ চৰণ ভকতৰ শৰণ পৰ্ব। ইতিমধ্যে বহু কেইখন দেশ ভ্ৰমণ কৰাৰ লগতে বিশ্বৰ প্ৰায় সকলো ধৰ্ম অধ্যয়নৰ পিছত এডগাৰ ফাইনাৰে অধ্যয়ন কৰিছিল শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ ধৰ্ম।

বিভিন্ন ধৰ্ম সন্দৰ্ভত অধ্যয়নৰ মাজতে শংকৰী কৃষ্টিৰ বিশিষ্ট গৱেষক-লেখক ড° সঞ্জীৱ কুমাৰ বৰকাকতিৰ গ্ৰন্থৰ সংস্পৰ্শলৈ আহিছিল ৪৭ বছৰীয়া এডগাৰ। ইয়াৰ পিছতেই লেখক সঞ্জীৱ বৰকাকতিৰ সান্নিধ্যলৈ আহি গৱেষকগৰাকীৰ ইংৰাজী ভাষাত লিখা গ্ৰন্থৰ জৰিয়তেই গুৰুজনাৰ নীতি-আদৰ্শত উদ্বুদ্ধ হয় এডগাৰ।

লেখক বৰকাকতিৰ আগত গুৰুজনাৰ ধৰ্মৰে দীক্ষিত হোৱাৰ ইচ্ছা ব্যক্ত কৰাৰ পিছতেই এডগাৰক আদৰণী জনোৱা হয় সত্ৰীয়া পৰম্পৰালৈ। উল্লেখ্য যে, ব্যৱসায় প্ৰশাসনৰ ডিগ্ৰীধাৰী হোৱাৰ উপৰি ইংৰাজী শিক্ষকতাৰে জড়িত এডগাৰ পূৰ্বে আছিল বৌদ্ধধৰ্মী।

নেপালৰ পৰা বিবাহ কৰোৱা এডগাৰৰ আছে এটি পুত্ৰ সন্তানো। গুৰুজনাৰ ধৰ্ম-সংস্কৃতি অধ্যয়নৰ পিছত শৰণ ল'বলৈ ইচ্ছা জাগ্ৰত হয় এডগাৰৰ মনত। ইয়াৰ পৰিণতিতে মঙলবাৰে কলিয়াবৰৰ বালিসত্ৰত বাঘৰগঞা সত্ৰ সত্ৰাধিকাৰ হিৰু প্ৰসাদ মহন্তৰ ওচৰত শৰণ লয় ইজৰাইলী নাগৰিকজনে।

একশৰণ ধৰ্মত শৰণ প্ৰদান কৰি সত্ৰৰ প্ৰমাণ পত্ৰও প্ৰদান কৰা হয় এডগাৰক। লেখক, গৱেষক ড° সঞ্জীৱ বৰকাকতি, শ্ৰীশ্ৰী বালিসত্ৰৰ ডেকা সত্ৰীয়া মনিমাধৱ মহন্তৰ লগতে কলিয়াবৰৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰৰ উপস্থিতিত থাকে উক্ত অনুষ্ঠানত। কৃষ্ণ চৰণ ভকতলৈ ৰূপান্তৰিত হোৱা এডগাৰৰ জৰিয়তে শংকৰী কলা-কৃষ্টিৰাজি বিশ্ব দৰবাৰলৈ প্ৰসাৰিত হোৱাৰ আশা ব্যক্ত কৰে সত্ৰাধিকাৰৰ লগতে ভকত-বৈঞ্চৱ সকলে।

শৰণ পৰ্বৰ পিছতে বালিসত্ৰত নাম-প্ৰসংগতো ভাগ লয় গুৰুজনাৰ একশৰণ ধৰ্মত দীক্ষিত হৈ শংকৰী কলা-কৃষ্টি অভ্যাস কৰাৰ প্ৰতিশ্ৰুতি দিয়া এডগাৰ ওৰফে কৃষ্ণ চৰণ ভকতে।

 বিশ্বৰ সকলো ধৰ্ম অধ্যয়নৰ পাছত গুৰুজনাৰ নীতি-আদৰ্শ গ্ৰহণ ইজৰাইলী নাগৰিকৰ
চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৮ জন মাওবাদী নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in