বিশ্বকাপ ২০২৩ৰ ভাৰতীয় দলত স্থান নাই সঞ্জু চেমচন-যুজবেন্দ্ৰ চহলৰ!

বিশ্বকাপ ২০২৩ৰ ভাৰতীয় দলত স্থান নাই সঞ্জু চেমচন-যুজবেন্দ্ৰ চহলৰ!

ডিজিটেল ডেস্কঃ ত্ৰয়োদশ আইচিচি বিশ্বকাপ ভাৰতৰ ভূমিত অনুষ্ঠিত হোৱাৰ খবৰ প্ৰকাশিত হোৱাৰ পিছৰে পৰা উৎসাহীত হৈ আছে সমগ্ৰ ভাৰতবাসী। ২০১১ চনৰ আইচিচি বিশ্বকাপৰ ইতিহাস এইবাৰ পুনৰাবৃত্তি হ'ব বুলি বহুতো ক্ৰিকেট অনুৰাগীয়ে আশা কৰিছে। পাকিস্তান আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰা এচিয়া কাপ ২০২৩ অনুষ্ঠিত হৈ থকাৰ মাজতেই আইচিচি বিশ্বকাপ ২০২৩ক লৈ ভাৰতীয় ক্ৰিকেট দল সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ।

ভাৰতৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ দলটো আজি ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিৰ মুৰব্বী অজিত আগৰকাৰে দল পৰিচালকসকলৰ সৈতে আলোচনা কৰি দলটোক চূড়ান্ত কৰিবলৈ শ্ৰী লংকালৈ গৈছে বুলি বিশেষ সূত্ৰই জানিবলৈ দিয়ে।

এদিনীয়া বিশ্বকাপৰ দলটো ১৫ জনীয়া হ’বলগীয়া হোৱাৰ বাবে বৰ্তমান এচিয়া কাপৰ দলটোত থকা কিছু খেলুৱৈ দলটোৰ পৰা বাদ পৰিব বুলি জানিবলৈ পৰা গৈছে। এক বিশেষ সূত্ৰই জনোৱা মতে, উইকেটকিপাৰ তথা বেটাৰ সঞ্জু চেমচনৰ পৰিৱৰ্তে আঘাতৰ পৰা সুস্থ হৈ পুনৰ ক্ৰীড়াংগণত নামা কে এল ৰাহুল দলত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা আছে।

এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ সময়ত আগৰকাৰে এদিনীয়া বিশ্বকাপৰ দলটোৱো একেধৰণেই থকাৰ সম্ভাৱনা বেছি বুলি মন্তব্য দিছিল।

এছিয়া কাপৰ দলটো অৱশ্যে ১৭ জনীয়া য'ত  ৰাহুলৰ বেকআপ হিচাপে চেমছনক অন্তৰ্ভুক্ত কৰা হৈছিল। যিহেতু বিশ্বকাপ দলত মাত্ৰ ১৫ জন খেলুৱৈহে থাকিব পাৰিব সেয়েহে মূল দলৰ পৰা ২ জন সদস্যক আঁতৰাব লাগিব।

বহুদিন বিৰতিৰ পিছত খেলপথাৰত নামা খেলুৱৈসকলৰ ভিতৰত যছপ্ৰিত বুমৰাহ, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল তিনিওজনেই বিশ্বকাপৰ বাবে ভাৰতৰ দলত স্থান অৰ্জন কৰিছে।

আটাইতকৈ বেছিসময় খেলপথাৰৰ পৰা আতঁৰি থকাসকলৰ ভিতৰত এছিয়া কাপৰ বাবেও ভাৰতীয় দলত নিৰ্বাচিত নোহোৱা যুজবেন্দ্ৰ চহলেও বিশ্বকাপৰ দলত স্থান নাপালে। ৫০ অভাৰৰ ফৰ্মেটত সংগ্ৰামৰ মাজতো সূৰ্য্যকুমাৰ যাদৱে দলত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে। ।

আইচিচি বিশ্বকাপ ২০২৩ ভাৰতৰ সম্ভাৱ্য দলটো এনেধৰণৰ- ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (সহঃ অধিনায়ক), শ্ৰেয়াছ আয়েৰ, সূৰ্য্যকুমাৰ যাদৱ, কে এল ৰাহুল (উইকেটকিপাৰ), বিৰাট কোহলী, শুভমান গিল, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাদেজা, ঈশান কিষাণ (উইকেটকিপাৰ), শাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, মহম্মদ ছামি, মহম্মদ চিৰাজ, আৰু যছপ্ৰিত বুমৰাহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in