নলবাৰী পিপলিবাৰীত কৃষি বিজ্ঞানী ড০ দীনেশ চন্দ্ৰ শৰ্মাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন

নলবাৰী পিপলিবাৰীত কৃষি বিজ্ঞানী ড০ দীনেশ চন্দ্ৰ শৰ্মাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
নলবাৰী পিপলিবাৰীত কৃষি বিজ্ঞানী ড০ দীনেশ চন্দ্ৰ শৰ্মাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন

নলবাৰী পিপলিবাৰীত কৃষি বিজ্ঞানী ড০ দীনেশ চন্দ্ৰ শৰ্মাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ নলবাৰী: 'সমাজে কেতিয়াও নাপাহৰে ভাল মানুহক । তেনে লোক মৃত্যুৰ পিছতো স্মৰণীয় হয়। ভাল মানুহ আছে বাবে সমাজখন সন্তলিত আৰু সুন্দৰ হৈ আছে।'- বিশিষ্ট কৃষি বিজ্ঞানী ড০ দীনেশ চন্দ্ৰ শৰ্মাৰ সোঁৱৰণী গ্ৰন্থ "কৰ্মযোগী "ৰ উন্মোচনী সভাখন উদ্বোধন কৰি এইদৰে কয় সাহিত্য অকাডেমি বঁটা প্ৰাপক, সু -সাহিত্যিক জয়ন্ত মাধৱ বৰাই ।

Advertisment

নলবাৰী জিলা সাহিত্য সভা আৰু পৰিয়ালৰ সহযোগত প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন তথা প্ৰয়াত পুণ্যাত্মাৰ স্মৃতিচাৰণ কৰা সভাখনত তেওঁ আকৌ কয় যে, দীনেশ শৰ্মাৰ দুহিতা ডাঃ মৈত্ৰৈয়ী তথা পত্নী পূৰবী শৰ্মাই আজি নলবাৰীৰ পিপলিবাৰীত নান্দনিক যজ্ঞ সম্পাদন কৰিলে এতিয়া আৰু বছৰেকীয়া শ্ৰাদ্ধ নকৰিলেও কথা নাই।

অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতাই সম্পাদনা কৰা গ্ৰন্থখনৰ উন্মোচনী সভাত সভাপতিত্ব কৰে কৃষি বিজ্ঞানী ড০ মৃণাল বৰ্মনে । যশস্বী নাট্যকাৰ, সাহিত্যিক তথা সুবক্তা ধ্ৰুৱজ্যোতি শৰ্মাই এই সভা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি কয় - যি জীৱনে পথ দেখুৱায় সেই জীৱন মহাজীৱন। মহাজীৱনৰ মৃত্যু নাই সি অজৰ অমৰ। অগণিত বিদ্যাৰ্থীৰ বুকুত জ্ঞানৰ জুই জ্বলোৱা ড০ দীনেশ চন্দ্ৰ শৰ্মা যথাৰ্থ ভাৱে এক বিস্তীৰ্ণ ইতিহাস। যাৰ জীৱন প্ৰক্ৰিয়া সহজ- সৰল -প্ৰাঞ্জল।

সোঁৱৰণী কিতাপৰ জৰিয়তে শৰ্মাই আকৌ এবাৰ পুনৰ জীৱন পোৱাৰ কথা উল্লেখ কৰি তেওঁ আকৌ কয় কিতাপৰ বাকলি চাই নিৰ্ধাৰণ কৰিব নোৱাৰি তাৰ মহত্ব। কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে দেখিবলৈ পোৱা যায় জীৱনৰ নানা ৰং । সেয়ে আমি সকলোৱে চকু ফুৰাব লাগিব প্ৰতিটো পৃষ্ঠাতে।

সাহিত্য সংগঠক গোবিন্দ কলিতা আৰু অলকেশ ঠাকুৰীয়াই উদ্দেশ্যে বাখ্যা আৰু আঁত ধৰা অনুষ্ঠানভাগিত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা, পিপলিবাৰী শাখা সাহিত্য সভাৰ সভাপতি বিচিত্ৰ মজুমদাৰ আদিয়ে। বাণী দেৱীৰ বংশীবাদনৰে প্ৰাৰম্ভ হোৱা সভাত প্ৰয়াত শৰ্মাৰ প্ৰতিকৃতিত মাল্যাৰ্পন কৰে সহধৰ্মিণী পূৰবী শৰ্মাই ।

Also Read: ধনৰ বাবেই এজনক হত্যা কৰি লুকুৱাই থলে পিটনিৰ মাজত...

ড০ দীনেশ চন্দ্ৰ শৰ্মা