পিতৃৰ মুখাগ্নি কৰি নিশা পুনৰ মঞ্চত উঠিল অভিনেতা নিৰ্মল দত্ত

পিতৃৰ মুখাগ্নি কৰি নিশা পুনৰ মঞ্চত উঠিল অভিনেতা নিৰ্মল দত্ত

ডিজিটেল ডেস্ক : ভ্ৰাম্যমাণৰ থিয়েটাৰৰ অভিধানত আবেগৰ নাই কোনো স্থান। চুক্তি অনুসৰি অভিনেতা-অভিনেত্ৰীয়ে যিকোনো পৰিৱেশত ৰাইজৰ সন্মুখত নাট মঞ্চস্থ কৰিবই লাগিব। সেয়া লাগিলে আপোনজনৰে কিবা অঘটন নঘটক কিয়। নাইবা পিতৃ-মাতৃৰ বিয়োগ।

ভ্ৰাম্যমাণৰ এই সত্যকে সৰোগত কৰি পিতৃৰ মুখাগ্নি কৰি পুনৰ মঞ্চত নাট পৰিৱেশন কৰিলে জনপ্ৰিয় অভিনেতা নিৰ্মল দত্তই। এফালে জ্বলি আছে পিতৃৰ ছিটা আৰু আনফালে দৰ্শক ৰাইজৰ সন্মুখত কৰি আছে অভিনয়। এয়াই থিয়েটাৰৰ জীৱনশৈলী।

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা অভিনেতা নিৰ্মল দত্তৰ পিতৃ উপেন্দ্ৰ বল্লভ দত্তৰ বাৰ্ধক্যজনিত কাৰণত বিয়োগ ঘটে। নলবাৰীৰ বনগাঁৱস্থিত বাসগৃহত শিল্পীগৰাকীৰ পিতৃয়ে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

পিতৃৰ মৃত্যুৰ খবৰ লাভ কৰি নিৰ্মল দত্তই ঘৰলৈ আহি মুখাগ্নি পৰ্ব সম্পন্ন কৰি পুনৰ উভতি যাই ভ্ৰাম্যমাণৰ শিবিৰলৈ। সন্ধিয়া পুনৰ স্বাভাৱিকভাৱেই দৰ্শকৰ সন্মুখত অভিনয় কৰে। অৱশ্যে ইয়াৰ পূৰ্বেও থিয়েটাৰৰ কলা-কুশলীৰ ক্ষেত্ৰত অনুৰূপ ঘটনা ঘটি আহিছে।

পিতৃৰ মুখাগ্নি কৰি নিশা পুনৰ মঞ্চত উঠিল অভিনেতা নিৰ্মল দত্ত
কঠীয়াতলীত বৰদিনৰ ব্যাপক প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in