/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/bcf72395-d5fc-4e66-96d5-cdcd2dc37dbe/477.jpg)
ডিজিটেল সংবাদ,কঠীয়াতলী : সমগ্ৰ দেশজুৰি বিভিন্ন প্ৰান্তত পালন কৰা পবিত্ৰ বৰদিনলৈ মাজত মাথো দুটা দিন বাকী। সমান্তৰালকৈ কঠীয়াতলীতো পবিত্ৰ বৰদিন আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে ।
কঠীয়াতলীৰ ভিন্ন প্ৰান্তৰ লগতে চেণ্ট থমাছ ইংলিছ স্কুলত বিগত বৰ্ষৰ দৰে এই বৰ্ষও দেখা গ'ল বৰদিনৰ আয়োজন। অহা ২৪ আৰু ২৫ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বৰদিনৰ বাবে ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষ আৰু আয়োজক সমিতিয়ে মণ্ডপ আৰু স্কুল প্ৰাঙ্গণ আটক ধুনীয়াকৈ সাজু কৰাত ব্যস্ত ।
উল্লেখ্য যে এইবাৰ ৩৭ টা বৰ্ষ অতিক্ৰম কৰা এই বিদ্যালয়ত অনুষ্ঠিতব্য পবিত্ৰ বৰদিনলৈ সকলো ৰাইজৰ উপস্থিত কামনা কৰিছে আয়োজক সমিতিয়ে।
Also Read: ধোঁৱাচাঙত প্ৰধানমন্ত্ৰীৰ সপোনৰ জল জীৱন মিছন আঁচনি