চকুপানীৰে বাট নেদেখা হৈছে একালৰ সুদক্ষ খেলুৱৈ আতাউৰ ৰহমানৰ

এসময়ত দুভৰিৰ যাদুৰে ফুটবলপ্ৰেমী ৰাইজক উৎসাহী কৰা মুকালমুৱাৰ আতাউৰ ৰহমানৰ সম্প্ৰতি বিচনাখনেই জীৱন সংগী হৈ পৰিছে
চকুপানীৰে বাট নেদেখা হৈছে একালৰ সুদক্ষ খেলুৱৈ আতাউৰ ৰহমানৰ

ডিজিটেল সংবাদ,দৌলাশাল : এসময়ত দুভৰিৰ যাদুৰে ফুটবলপ্ৰেমী ৰাইজক উৎসাহী কৰা মুকালমুৱাৰ আতাউৰ ৰহমানৰ সম্প্ৰতি বিচনাখনেই জীৱন সংগী হৈ পৰিছে ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোগা গাঁৱৰ বাসিন্দা তথা এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ আতাউৰ ৰহমানে জটিল ৰোগত আক্ৰান্ত হৈ কষ্টকৰ জীৱন অতিবাহিত কৰিছে ৷

আতাউৰ ৰহমানৰ একমাত্ৰ পুত্ৰও বিকলাংগ হোৱা হেঁতুকে পৰিয়ালটোৱে চৰম আৰ্থিক দৈন্যতাত ভুগি চকু পানীৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে ৷ ৬১নং ঘোগা গাঁও পঞ্চায়তৰ ঘোগা গাঁৱৰ এইগৰাকী আতাউৰ ৰহমানে বিগত ৩ বছৰে কটাই আহিছে যন্ত্ৰণাৰ জীৱন ৷

এসময়ৰ ফুটবল খেলুৱৈজনে সো-ভৰিত জটিল ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাৰ অভাৱত বিচনাখনকেই সংগী কৰি ল'বলগীয়া হৈছে ৷ আতাউৰ ৰহমানৰ একমাত্ৰ পুত্ৰ সন্তানটিও জন্মৰ পৰাই বিশেষভাৱে সক্ষম হোৱা হেঁতুকে পৰিয়ালটিৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে ৷

আতাউৰ ৰহমানে ৩ বছৰ পূৰ্বে চিকিৎসাৰ বাবে চেন্নাইলৈ উৰা মাৰিছিল যদিও এটি অস্ত্ৰোপচাৰৰ বাবদ ৩ লক্ষাধিক টকা প্ৰয়োজন হোৱাত পৰিয়ালৰ লোকে চেন্নাইৰ পৰা বিনা চিকিৎসাই ঘৰলৈ লৈ আহিবলগীয়া হৈছিল ৷ সম্প্ৰতি পৰিয়ালটোক আৰ্থিক দৈন্যতাই খেদি ফুৰাত পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক আৰু ৰাইজৰ পৰা আৰ্থিক সহায়- সহযোগিতা বিচাৰিছে ৷

যদিহে কোনো হৃদয়বান লোকে দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিব বিচাৰে তেন্তে আতোৱাৰ ৰহমানৰ বেংক অব ইণ্ডিয়া, আদাবাৰী শাখাত থকা 500210110005908 নম্বৰ একাউণ্টত (আই.এফ এছ.চি BKID0005002) আৰ্থিক সহায় আগবঢ়াব পাৰে বুলি জনায় ৷ তদুপৰি পৰিয়ালৰ 60017 69558 নম্বৰৰ জৰিয়তেও সহায় - সহযোগিতা কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ৷

চকুপানীৰে বাট নেদেখা হৈছে একালৰ সুদক্ষ খেলুৱৈ আতাউৰ ৰহমানৰ
ভাৰতীয় সভ্যতা-সংস্কৃতিৰে ভৰা 'চি থেপ' চহৰক সাংস্কৃতিক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in