ভাৰতীয় সভ্যতা-সংস্কৃতিৰে ভৰা 'চি থেপ' চহৰক সাংস্কৃতিক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি

৬ষ্ঠ শতিকাতে এইসমূহ শিলা লিপি সংস্কৃত ভাষাত খোদিত কৰা হৈছিল

author-image
Asomiya Pratidin
New Update
ভাৰতীয় সভ্যতা-সংস্কৃতিৰে ভৰা 'চি থেপ' চহৰক সাংস্কৃতিক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি

ডিজিটেল ডেস্ক : সাংস্কৃতিক বিশ্ব ঐতিহ্যক্ষেত্ৰত স্থান লাভ কৰিছে থাইলেণ্ডৰ চি থেপ চহৰে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিয়ে চহৰখনক সাংস্কৃতিক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰিছে।

Advertisment

যাৰ ফলত থাইলেণ্ডত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সংখ্যা ৭খনলৈ বৃদ্ধি হয়। উল্লেখ্য যে, চৌদি আৰৱৰ ৰিয়াদত অনুষ্ঠিত বিশ্ব ঐতিহ্য সমিতিৰ ৪৫ তম অধিৱেশনত ইতিহাস বিজড়িত চহৰ চি থেপক ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ পিছতে এই চহৰখনলৈ আন এক সন্মান হিচাপে সাংস্কৃতিক বিশ্ব ঐতিহ্যক্ষেত্ৰ শিতানত চহৰখনক অন্তৰ্ভুক্ত কৰা হয়।

  John Harrison
John Harrison

এই চহৰখনৰ আছে আন এক সুকীয়া পৰিচয়। আজিৰ পৰা প্ৰায় ২ হাজাৰ ৫ শ বছৰ আগতে 'পা চাক' উপত্যকাৰ এখন ঐতিহাসিক কৃষি গাঁৱৰ পৰা উত্তৰণ ঘটি আজিৰ 'চি থেপ' চহৰলৈ ৰূপান্তৰিত হৈছিল। থাইলেণ্ডৰ এই ভিতৰুৱা চহৰখনত বসতি কৰিছিল একাংশ হিন্দু ধৰ্মালম্বী তথা ভাৰতীয় লোকে।

অৱশ্যে ভাৰতীয়সকলৰ উপৰি বৌদ্ধ ধৰ্মালম্বী লোকৰো বসতিস্থল আছিল 'চি থেপ' চহৰ। সভ্যতা-সংস্কৃতি আদিৰ দিশৰ পৰা ভাৰতৰ সতে ভালেখিনি মিল আছে চি থেপবাসীৰ।

চহৰখনৰ প্ৰত্নতাত্বিক সংগ্ৰহালয়ত থকা শিলা লিপিবোৰেও ভাৰতীয় আৰু বৌদ্ধ সংস্কৃতিৰ স্বাক্ষৰ বহন কৰে। ৬ষ্ঠ শতিকাতে এইসমূহ শিলা লিপি সংস্কৃত ভাষাত খোদিত কৰা হৈছিল।

দক্ষিণ এছিয়াৰ অন্তৰ্গত প্ৰায় সংখ্যক দেশৰ লগত চি থেপ চহৰৰ সভ্যতা-সংস্কৃতিৰ মিল নথকা নহয়। ঐতিহাসিক এই চহৰখনত বাস কৰা লোকসকলক বৌদ্ধ ধৰ্মৰ মহাযান প্ৰথাৰ আদৱ-কায়দাবোৰে যথেষ্ট পৰিমাণে প্ৰভাৱন্বিত কৰা বুলি ক'লে বঢ়াই কোৱা নহ'ব। কিয়নো উল্লেখিত ধৰণে এই চহৰখনত দক্ষিণ এছিয় দেশসমূহৰ উপৰি হিন্দু আৰু বৌদ্ধ ধৰ্মৰ চৰ্চা হোৱাৰ লগতে এই ধৰ্মৰ ধৰ্মালম্বীসকলে বসবাস কৰিছিল।

উল্লেখযোগ্য যে ভৌগলিক দিশৰ পৰা চালে দেখা যায় যে, চি থেপ চহৰখন বেংককৰ পৰা প্ৰায় ৩৪০ কিলোমিটাৰ উত্তৰে ফেটচাবুন প্ৰদেশত অৱস্থিত।

Also Read: ৰেলিং ভাগি বাগৰি পৰিল যাত্ৰীবাহী বাছ

thailand unesco Si Thep