/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a2d749f1-4dbe-4204-a715-7ed3202512e4/347.jpg)
ডিজিটেল সংবাদ, নলবাৰী : “অসমত আন ভাষাৰ কোনো জনগোষ্ঠীয়ে নিৰপত্তাহীনতাত ভুগিব নালাগে ৷” এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক তথা ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিৎ শৰ্মাৰ ৷
অসম সাহিত্য সভাৰ মাতৃভাষা ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতাৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰপৰা শতদল শাখা সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত খাৰিজা বিজনী শাখা সাহিত্য সভাৰ সহযোগত এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। ‘জনগোষ্ঠীয় ভাষাসমূহৰ ক্ৰমবিকাশত অসম সাহিত্য সভাৰ ভুমিকা’ শীৰ্ষক বক্তৃতানুষ্ঠানৰ সমল ব্যক্তি হিচাপে অংশ লৈ ২৫ অক্টোবৰত ডঃ শৰ্মাই উক্ত মন্তব্য আগবঢ়ায়।
তেওঁ কয় যে অসমত বাস কৰা আৰু ইয়াত প্ৰচলিত প্ৰতিটো জনগোষ্ঠীৰ ভাষা ভাষী লগ লাগি সুমথিৰা টেঙাটোৰ দৰে একক হৈ আছে ৷ প্ৰতিটো ভাষিক জনগোষ্ঠীয়েই অসমীয়া ভাষা ব্যৱহাৰ কৰি সমন্বয়ৰ এক বিৰল উদাহৰণ দেখুৱাই আহিছে আৰু ভৱিষ্যতেও এই ধাৰা অব্যাহত থাকিব বুলিও বিশিষ্ট গৱেষক তথা সাহিত্য সংগঠক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই মন্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e2762e09-9736-4303-a69e-b72610b4e02b/87d2b8fa_253f_4ced_a018_a432459ef567.jpg)
আহ্বায়ক হেমন্ত কলিতাই আঁত ধৰা আৰু বাৰাপেটা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত গাম্ভীৰ্যপূৰ্ণ এই বক্তৃতানুষ্ঠানটোত বাৰাপেটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ ডেকাই আদৰণী অভিভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত খাৰিজা বিজনী শতদল শাখা সাহিত্য সভাৰ সম্পাদক বাছিদুৰ ৰহমানে থলুৱা ফুলাম গামোচাৰে অভ্যাগতসকলক আদৰণি জনায়।
অনুষ্ঠানত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে। অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্প উপ সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা,কামদেৱ দাস, যামিনী দাস তালুকদাৰ, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, কামৰূপ জিলা সাহিত্য সভাৰ পংকজ পল্লৱ শৰ্মাই এই অনুষ্ঠানটোত অংশ লৈ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/34906baa-59a9-4aa3-8f92-5845122a918c/47daacb1_c771_45b6_a031_e61d8581b0aa.jpg)
অনুষ্ঠানটোত অসম সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ সহযোগী আহ্বায়ক কিশোৰ দাস,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাতিয়াৰ ৰহমান আৰু ৰজনীকান্ত ৰয়, খাৰিজা বিজনী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা নাট্যকাৰ ভুৱনেশ্বৰ দাস, ইন্দ্ৰ বাহাদুৰ ছেত্ৰী, সংবাদসেৱীবৃন্দ আমিৰ আলি,জাহিদুল ইছলাম,নজৰুল আলী আহমেদ, মোৱাৰক আলী, ইমদাদুল ইছলাম, জাহিৰুল ইছলাম, সীমান্ত তালুকদাৰ, বাৰাপেটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীবৃন্দ,দুই শতাধিক ছাত্ৰছাত্ৰী তথা বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ লৈ নিজৰ নিজৰ মনোভাব ব্যক্ত কৰে ৷
অনুষ্ঠানটিত বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাসে ‘কিঞ্চিত’ নামৰ বহুভাষিক সাহিত্য বিষয়ক গ্ৰন্থ এখন প্ৰধান শিক্ষকগৰাকীৰ জৰিয়তে বিদ্যালয়খনৰ পুথিভঁৰাল আৰু অতিথিসকললৈ আগবঢ়ায় ৷ বিদ্যালয়খনৰ শিক্ষয়িত্ৰী প্ৰিয়ম দাসৰ নেতৃত্বত ছাত্ৰীসকলে পৰিৱেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক অমৰ গীতেৰে আৰম্ভ হোৱা বক্তৃতানুষ্ঠানটো জাতীয় সংগীত পৰিৱেশনেৰে সামৰা হয়।
Also Read: গহপুৰত কংগ্ৰেছৰ যোগদান সভা : বিজেপি-কিষাণ মৰ্চাৰ প্ৰাক্তন নেতা-কৰ্মীৰ যোগদান